নতুন বিত্তীয় পৰিগাঁথনিৰ অধীনত তিনিখন নতুন সমিতি গঠন

pc-Twitter

নতুন বিত্তীয় পৰিগাঁথনিৰ অধীনত তিনিখন নতুন সমিতি গঠন

অনলাইন বাৰ্ত্তাসেৱা- অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত ‘নতুন বিত্তীয় পৰিগাঁথনি— বিত্তীয় ক্ষমতা ন্যস্তকৰণ (ডিএফপি) নিয়মাৱলীৰ সংশোধনী’ শীর্ষক এক কৰ্মশালাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে।কর্মশালাত অংশগ্রহণকাৰীসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আহৰণ আৰু বিত্তীয় প্রাধিকাৰী (ডিডিঅ’)সকলৰ দ্বাৰা পুঁজিৰ দ্ৰুত ব্যৱহাৰৰ বাবে finassam.in প’ৰ্টেলৰ জৰিয়তে পুঁজি ব্যয়ৰ সৰ্বোচ্চ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া (ফিক্সেচন অব চিলিং-এফ অʼ চি), পুঁজি আহৰণৰ আৰ্হি (ড্ৰয়িং পেটাৰ্ণ), এফ অʼচি ডিজিটাইজেচন প্ৰক্ৰিয়াসমূহ সৰল কৰাৰ ক্ষেত্ৰত বৃহৎ সংস্কাৰ অনা হৈছে। ফাইলসমূহ যাতে সচিবালয়লৈ পঠিয়াব নালাগে আৰু পুঁজিৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ বাবে বিত্তীয় নিয়মাৱলী সৰ্বাধিক শিথিল কৰা হয়, তেনে এক ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে চৰকাৰে কাম কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে। উল্লেখযোগ্য যে নতুন বিত্তীয় পৰিগাঁথনিৰ অধীনত তিনিখন নতুন সমিতি গঠন কৰা হৈছে। সেইকেইখন হৈছে— বিভাগীয় বিত্ত সমিতি, স্থায়ী বিত্ত সমিতি আৰু বিশেষ স্থায়ী বিত্ত সমিতি। বিভাগৰ জ্যেষ্ঠতম সচিবগৰাকীয়ে বিভাগীয় বিত্ত সমিতিৰ অধ্যক্ষতা কৰিব আৰু ইয়াত বিভাগীয় মন্ত্ৰীগৰাকী ২ কোটি টকালৈকে অনুমোদন কর্তৃপক্ষ হʼব। মুখ্য সচিব স্থায়ী বিত্ত সমিতিৰ অধ্যক্ষ হʼব। বিভাগীয় মন্ত্ৰীৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে ২ কোটিৰ পৰা ১০ কোটি টকাৰ ভিতৰৰ বিত্তীয় প্ৰস্তাৱত অনুমোদন জনাব । বিত্ত মন্ত্ৰীগৰাকী বিশেষ স্থায়ী বিত্ত সমিতিৰ অধ্যক্ষ হʼব। বিভাগীয় মন্ত্ৰীৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে ১০ কোটিৰ পৰা ১০০ কোটি টকাৰ ভিতৰৰ বিত্তীয় প্রস্তাৱত অনুমোদন জনাব। ১০০ কোটি টকাৰ অধিক ব্যয়ৰ প্ৰস্তাৱৰ ক্ষেত্ৰত ৰাজ্যিক কেবিনেটৰ অনুমোদনৰ প্ৰয়োজন হʼব। বিত্তীয় অনুমোদন সাপেক্ষে এফ অʼ চিৰ প্ৰস্তাৱ বিভাগীয় মুৰব্বীগৰাকীয়ে অনলাইন প’ৰ্টেলৰ জৰিয়তে বিত্ত বিভাগৰ ওচৰত পোনপটীয়াকৈ দাখিল কৰিব পাৰিব, এইক্ষেত্ৰত প্ৰশাসনীয় বিভাগৰ জৰিয়তে যোৱাৰ কোনো প্রয়োজন নাই।

 

(RT)