নগালেণ্ডলৈ কংগ্ৰেছৰ প্ৰতিনিধি দল

Pc India Today

নগালেণ্ডলৈ কংগ্ৰেছৰ প্ৰতিনিধি দল

ৰঙিলী বাৰ্ত্তাসেৱা- নগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছৰ দ্বাৰা গুলী বৰ্ষণৰ ঘটনাত নিহত হোৱা ব্যক্তি তথা পৰিয়ালৰ লগতে সমগ্ৰ ঘটনাৰ বুজ ল’বলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে প্ৰতিনিধি দল প্ৰেৰণৰ বাবে গ্রহণ কৰা সিদ্ধান্তক, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই আদৰণি জনাইছে। অহা ৮ ডিচেম্বৰত এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, নগালেণ্ডৰ তত্বাৱধায়ক ড০ অজয় কুমাৰ, সাংসদদ্বয় গৌৰৱ গগৈ আৰু এন্টো এন্টনিৰে গঠিত দলটি যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত অৱতৰণ কৰিব আৰু তাৰপৰাই পোনে পোনে নগালেণ্ডলৈ ৰাওনা হ’ব। একমাত্ৰ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৫ বলৱৎ হৈ থকাৰ সুযোগ লৈ আছাম ৰাইফলছৰ দ্বাৰা খাটিখোৱা সাধাৰণ মানুহক নিৰ্যাতন চলাই আহিছে আৰু সাম্প্ৰতিক সময়ত প্ৰায় কুৰি গৰাকী নিৰীহ মানুহে প্ৰাণ হেৰুৱাব লগীয়া হৈছে। এনে ঘটনাক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এনে আইন বাতিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে।