নগাওঁ আকাশবাণী কেন্দ্ৰত গীত পৰিৱেশনৰ অভিজ্ঞতা – শতাব্দী শৰ্মা

pc wikipedia
নগাওঁ আকাশবাণী কেন্দ্ৰত গীত পৰিৱেশনৰ অভিজ্ঞতা 
তেতিয়া মই হয়তো পঞ্চম – ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী আছিলোঁ। মই আৰ্ট শিকা স্কুলখনৰ এজন ছাৰ নগাওঁ আকাশবাণী কেন্দ্ৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। এদিন ছাৰে আৰ্ট ক্লাছৰ পৰা ওলাই আহোঁতে মোক মাতি পঠিয়াইছিল এটা অনুষ্ঠানৰ গীত বাণীবন্ধনৰ বাবে(অকণিৰ গীত মাত আছিল হ’বলা অনুষ্ঠানটো) ।সেইদিনা কি বাৰ আছিল পাহৰিলোঁ কিন্তু মই পিতাৰ লগত আবেলি ৩-০০ মান বজাত নগাওঁৰ খুটিকটিয়াত অৱস্থিত আকাশবাণী কেন্দ্ৰ পাইছিলোগৈ। প্ৰথমবাৰৰ বাবে গীত পৰিৱেশন মোৰ বাবে এক স্বপ্ন হেন আছিল। বহুসংখ্যক ল’ৰা- ছোৱালী তাত সমবেত হৈছিল। মই সতীশ দাস দেৱৰ “আজি মেঘৰ মাদল বাজিলে” গীতটি পৰিৱেশন কৰিছিলো। খুব ভাল লাগিছিল মনটো সেইদিনা , যিদিনা মোৰ কণ্ঠ ৰেডিঅ’ত শুনা পাইছিলোঁ। তেতিয়া স্মৃতি সাঁচিবলৈ এতিয়াৰ দৰে স্ক্ৰীনটাছ মবাইল ফোন নাছিল ঠিকেই , কিন্তু স্মৃতি হৈ ৰৈ গ’ল সেই ক্ষণটি। ভাল লাগে যেতিয়া আজিও মনত পৰে ,সেই দিনটো।
শতাব্দী শৰ্মা ,
নগাওঁ