নগাঁৱৰ ফুলগুৰি গাঁৱত অনুসূচিত জাতিৰ যুৱক-যুৱতী সকলৰ মাজত “কামৰূপা” শীৰ্ষক উন্নত জাতৰ কুকুৰা পোৱালিৰ লগতে যাৱতীয় ঔষধ, খাদ্য, পানীৰ পাত্ৰ আৰু খাদ্যৰ পাত্ৰ বিতৰণ অনুষ্ঠান

নগাঁৱৰ ফুলগুৰি গাঁৱত অনুসূচিত জাতিৰ যুৱক-যুৱতী সকলৰ মাজত “কামৰূপা” শীৰ্ষক উন্নত জাতৰ কুকুৰা পোৱালিৰ লগতে যাৱতীয় ঔষধ, খাদ্য, পানীৰ পাত্ৰ আৰু খাদ্যৰ পাত্ৰ বিতৰণ অনুষ্ঠান

আদিলুৰ ৰহমান, টুকটুকী ,ৰঙিলী বাৰ্ত্তাসেৱা– ভাৰতীয় কৃষি গৱেষনা অনুষদৰ অন্তৰ্ভুক্ত অনুসুচিত জাতিৰ উপযোজনাৰ অধীনত আজি নগাঁও জিলাৰ ফুলগুৰি গাঁৱৰ ২৫ গৰাকী অনুসূচিত জাতিৰ যুৱক-যুৱতীৰ মাজত “কামৰূপা” শীৰ্ষক উন্নত জাতৰ কুকুৰা পোৱালিৰ লগতে যাৱতীয় ঔষধ, খাদ্য, পানীৰ পাত্ৰ আৰু খাদ্যৰ পাত্ৰ বিতৰণ অনুষ্ঠান আৰু উন্নত জাতৰ কুকুৰা পালনৰ দ্বাৰা স্বাৱলম্বী কৰাৰ উদ্দেশ্যেৰে এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ভেষজ আৰু বিষক্ৰিয়া বিভাগৰ মূৰব্বী অধ্যাপক ডঃ দুলাল চন্দ্ৰ ৰয়ৰ উদ্যোগত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ সহযোগত অনুষ্ঠিত হয় এই অনুষ্ঠানটি। অনুষ্ঠানটিৰ আঁত ধৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পশু বিজ্ঞান বিশেষজ্ঞ ড০ অনিমেষ ডেকাই কৃষক সকলক “কামৰূপা” জাতৰ উন্নত জাতৰ কুকুৰা বহল পৰিসৰত পালন কৰিবলৈ উৎসাহ প্ৰদান কৰে। কৃষকক উদেশ্যি ভাষন প্ৰদান কৰি ডঃ দুলাল চন্দ্ৰ ৰয়ে “কুকুৰা পালন কৰি আত্মনিৰ্ভৰ আৰু উপাৰ্জন দুগুণ কৰিবলৈ পৰামৰ্শ দিয়ে।” অনুষ্ঠানটিত অংশগ্ৰহন কৰি ঔষধ বিভাগৰ সহকাৰী অধ্যাপিকা ড০ দীপা লহকৰে কৃষক সকলক কুকুৰা পোৱালি যতন লোৱা প্ৰশিক্ষণ প্ৰদান কৰে। ফুলগুৰি বজাৰৰ সমীপৰ ৰাজহুৱা মঞ্চত অনুষ্ঠিত অনুষ্ঠানটিত ফুলগুৰি পশু চিকিৎসা কেন্দ্ৰৰ পশু চিকিৎসক ডাঃ বিনয় বৰদলৈৰ লগতে ফুলগুৰি অঞ্চলৰ কৃষক ৰাইজ উপস্থিত থাকে।