নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলৰ লগত হোৱা আলোচনা মৰ্মে ৫৭০ কোটিৰ সাহাৰ্য্য প্ৰদানৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

pc Facebook
নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলৰ লগত হোৱা আলোচনা মৰ্মে ৫৭০ কোটিৰ সাহাৰ্য্য প্ৰদানৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
অনলাইন বাৰ্ত্তাসেৱা – মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলৰ লগতে কৰ্মচাৰী সন্থাৰ বিষয় ববীয়া সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত হিন্দুস্থান পেপাৰ কৰ্প’ৰেচনৰ অধীনস্থ নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলৰ লগত আলোচনা মৰ্মে ৫৭০ কোটি টকাৰ সাহাৰ্য্য প্ৰদান কৰাৰ এক প্ৰশংসনীয় তথা যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। এই সিদ্ধান্তত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা ডাঙৰীয়াই। উক্ত বৈঠকখনতে কৰ্মচাৰী সকলৰ সুবিধাৰ্থে বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত বৈঠকখনত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয় শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া উপস্থিত থাকে।