ধৰ্মীয় মাদ্ৰাছা আৰু অসমৰ মুছলমান
ফখৰুদ্দিন আহমেদ
অসমত বসবাস কৰা মুছলমান সকলৰ বেছি ভাগেই গৰীয়া , মৰিয়া , দেশী , মাইমল আৰু জোলহা সম্প্ৰদায়ৰ অন্তৰ্ভূক্ত আৰু এই সকলক ইতিমধ্যে চৰকাৰী ভাবে খিলঞ্জীয়া জনগোষ্ঠী হিচাপে ঘোষণা কৰিছে।। ইয়াৰ উপৰিও মোগলে অসম আক্ৰমণ কৰোতে ৰৈ যোৱা সেনাৰ বংশধৰ আৰু স্বাধীনতাৰ পূৰ্বৰ পৰা অসমলৈ প্ৰব্ৰজন কৰি আহি বসতি কৰি থকা বংগমূলীয় মুছলমান সকলো আছে। মোগল সৈন্যৰ পৰা অসমত ৰৈ যোৱা সকলৰ বংশধৰ সকল ইতিমধ্যে ভৌগোলিক আৰু সাংস্কৃতিক ভাবে খিলঞ্জীয়া সকলৰ সৈতে ধৰিব নোৱাৰাকৈ বিলীন হৈ গৈছে। কিন্তু বংগমূলীয় মুছলমান সকল বহু ক্ষেত্ৰতেই খিলঞ্জীয়া সকলৰ সৈতে বিলীন হৈ যাব পৰা নাই । এই কথাৰ সত্যতা অস্বীকাৰ কৰাৰ উপায় নাই। বিশেষকৈ অসমৰ ব্ৰক্ষ্মপুত্ৰৰ চৰাঞ্চলত বসবাস কৰা বংগমূলীয় এই সকল লোকৰ জনগোষ্ঠীটোক মিঞা আখ্যাৰে আখ্যায়িত কৰা হয় ।
আন ধৰ্মৰ ধৰ্মাৱলম্বী সকলৰ দৰে অসমৰ বিভিন্ন জনগোষ্ঠীত বিভক্ত মুছলমান সকলেও ধৰ্মীয় জ্ঞান প্ৰদান আৰু আহৰণৰ প্ৰয়োজনত অসমৰ বিভিন্ন ঠাইত মাদ্ৰাছা স্থাপন কৰি এই ধৰ্মীয় শিক্ষানুষ্ঠান সমূহক আনুষ্ঠানিকতাৰ মাজেৰে ৰাজহুৱা প্ৰচেষ্টাৰে চলাই আহিছে। অসমৰ এই ইছলাম ধৰ্মৰ শিক্ষা দিয়া মাদ্ৰাছাবোৰ প্ৰধানকৈ ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশত থকা দাৰুল উলুম দেউবন্দ আৰু বেৰেলৱীৰ মাদ্ৰাছাৰ অনুকৰণত শিক্ষাদান কৰা হয়। মাদ্ৰাছাবোৰত প্ৰধানকৈ দুই ধৰণৰ শিক্ষা দিয়া হয়। এই দুই ধৰণ হৈছে মৌলানা আৰু হাফিজীয়া। মৌলানা শাখাত পবিত্ৰ কোৰাণ আৰু ছয় খন হাদিছৰ লগতে হাফিজীয়া শাখাত পবিত্ৰ কোৰাণ খনিৰ মুখস্থ কৰোৱা হয়। বৰ্তমান সময়ত এই ৰাজহুৱা প্ৰচেষ্টাত চলি থকা মাদ্ৰাছাবোৰত কৰ্তৃপক্ষৰ দ্বাৰা আধুনিক শিক্ষাৰ শিক্ষা প্ৰদানৰো ব্যবস্থা আছে । অসমত থকা প্ৰায়বোৰ মাদ্ৰাছাৰে চৰকাৰী পঞ্জীয়ণৰ ব্যবস্থাৰ লগতে চৰকাৰৰ তৰফৰ পৰা পূৰ্বৰ সৰ্ব শিক্ষা মিশ্বনৰ অধীনত আধুনিক শিক্ষাৰ তদাৰকীৰ বাবে শিক্ষক পৰ্যন্ত নিয়োগ কৰা হৈছিল আৰু দুপৰীয়াৰ আহাৰ পৰ্যন্ত যোগান ধৰা হৈছিল।
মাদ্ৰাছাবোৰ পৰিচালনা কৰাৰ বাবে প্ৰয়োজন হোৱা অৰ্থ সাহায্য মুছলমান সকলে প্ৰধানত পবিত্ৰ ৰমজান মাহৰ লগতে আন মাহবোৰত কৰা দান , ফিৎৰা আৰু জাকাত , ঈদ উল্ আজ্বহাৰ সময়ত কৰা দান তথা বিভিন্ন মাদ্ৰাছাত থকা সম্পদ যেনে মাছ পোহা পুখুৰী , ডাকত লোৱা স্থানীয় বজাৰ ইত্যাদিৰ জৰিয়তে যোগান হয়। শিক্ষক সকলৰ বেছি ভাগেই স্থানীয় হোৱাৰ লগতে ছাত্ৰ সকল অসমৰ বিভিন্ন ঠাইৰ পৰা আহি ধৰ্মীয় জ্ঞান আহৰণৰ বাবে নামভৰ্তি কৰে। এনেদৰেই এই ধৰ্মীয় মাদ্ৰাছাবোৰ সুপৰিকল্পিত ভাবে চলি আহিছে। মাদ্ৰাছাবোৰত প্ৰধানকৈ ধৰ্মীয় শিক্ষা প্ৰদান কৰা হয় যদিও আধুনিক শিক্ষা প্ৰদানৰো ব্যবস্থা কিছু পৰিমাণে আছে ।লগতে গণতন্ত্ৰ দিবস আৰু স্বাধীনতা দিবসত ত্ৰিৰংগা জাতীয় পতাকা উত্তোলন কৰাৰ উপৰিও এই দুয়ো দিবসত ইছলাম ধৰ্মত দেশপ্ৰেম সম্পৰ্কত থকা নীতি নিৰ্দেশনাৰ বিষয়েও বিস্তৃত কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে শিক্ষাৰ্থী সকলক অবগত কৰোৱা হয়।
অসমত এই ধৰ্মীয় মাদ্ৰাছা শিক্ষাৰ গুৰি বঠা ধৰা সকলৰ ভিতৰত অন্যতম আছিল দাৰুল উলুম বাঁছকান্দী মাদ্ৰাছাৰ শ্বেইখুল হাদিছ প্ৰয়াত হজৰত মৌলানা আহমদ আলি (ৰহঃ) , দাৰুল উলুম জয়নগৰ মাদ্ৰাছাৰ শ্বেইখুল হাদিছ প্ৰয়াত হজৰত মৌলানা আব্দুল জলিল ৰাগিবী (ৰহঃ) আৰু দাৰুল উলুম গুৱাহাটী মাদ্ৰাছাৰ শ্বেইখুল হাদিছ প্ৰয়াত হজৰত মৌলানা আব্দুল হক (ৰহঃ) । এই তিনিওজন অসমৰ সুসন্তানৰ উপৰিও মাদ্ৰাছা শিক্ষাৰ লগত জৰিত এনে মহান বহুতো ব্যক্তি ওলাব যিসকল কেৱল অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ধৰ্ম , জাতি আৰু সম্প্ৰদায়ৰ মাজতো বিপুল জনপ্ৰিয় । বিশেষকৈ এই সকল মহান ব্যক্তিয়ে অসমৰ প্ৰতিটো সমস্যাৰ সমাধানৰ বাবে নিজকে উচৰ্গা কৰাৰ লগতে অসমৰ সাতাম পুৰুষীয়া শান্তি , সম্প্ৰীতি আৰু একতাৰ বান্ধোন নিকপকপীয়া কৰি ৰাখিবলৈ প্ৰয়োজন সাপেক্ষে সমগ্ৰ অসম পৰিভ্ৰমণ কৰিছিল।
অসমৰ বিভিন্ন ঠাইত প্ৰয়োজন সাপেক্ষে যিবোৰ মাদ্ৰাছা গঢ়ি তোলা হৈছে সেই মাদ্ৰাছা বোৰৰ নিশ্চয় অসম চৰকাৰৰ বিভাগীয় নীতি নিয়মবোৰ পুৰণ কৰি চলাই আছে। এখন শিক্ষানুষ্ঠান চলাবলৈ স্থানীয় পৰিচালনা কমিটি , মাদ্ৰাছাৰ নামত মাটি আৰু নিয়ম নীতি মৰ্মে শিক্ষক তথা কৰ্মচাৰী নিযুক্তিৰ প্ৰক্ৰিয়াবোৰ সম্পন্ন কৰা হয়।
সাম্প্ৰতিক সময়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কিছুমান ইছলামিক দেশত গা কৰি উঠা তথাকথিত জেহাদীৰ আত্ম প্ৰকাশ অসমৰ কিছু বিশেষ মাদ্ৰাছাত ঘটিছে বুলি সন্দেহ কৰি সেই মাদ্ৰাছাৰ কিছু সংখ্যক শিক্ষকক সোধ পোছ কৰিবলৈ অসম আৰক্ষীয়ে লৈ গৈ “নিয়া” ক গটাই দিয়া বুলি অসমৰ প্ৰায়বোৰ সংবাদ মাধ্যম আৰু বাতৰি কাকতত প্ৰকাশ পাইছিল। শেহতীয়াকৈ চ’চিয়েল মেডিয়া যোগে জানিব পৰা মতে জেহাদীৰ লগত সম্পৰ্ক থকা বুলি সোধ পোছৰ বাবে লৈ যোৱা মাদ্ৰাছাৰ শিক্ষক কৰ্মচাৰী সকলক সোধ পোছৰ অন্তত নিজ নিজ ঘৰলৈ ওভতাই পঠিয়াই দিছে।
অসমত বহুতো মাদ্ৰাছা আছে আৰু সকলো মাদ্ৰাছাতে যে কেৱল ধৰ্মীয় শিক্ষাৰ দিশটিহে চলাই আছে তাক ন দি ক’ব পৰা নাযায়। কোনো মাদ্ৰাছাত স্থানীয় ৰাইজ আৰু চৰকাৰৰ অগোচৰে দেশদ্ৰোহৰ দৰে কাৰ্য সংঘটিত হৈ থাকিব পাৰে। সেয়া সন্দেহৰ আবৰ্ততহে আছে।অসম প্ৰেমৰ ক্ষেত্ৰত অসমৰ মুছলমানে কোনো দিনে কোনো ক্ষেত্ৰতে ধৰ্মান্ধতাৰ আশ্ৰয় লৈ আপোছ কৰাৰ নজিৰ নাই। সেয়া স্বাধীনতা আন্দোলন , ভাষা আন্দোলন , অসম আন্দোলন আৰু শেহতীয়াকৈ হৈ যোৱা কা আন্দোলনে প্ৰমাণ কৰিছে। কোনো মাদ্ৰাছাত যদি ধৰ্মীয় শিক্ষা দিয়াৰ গইনা লৈ জেহাদী কাৰ্যসূচী ৰূপায়ণৰ কুছ্ কাৱাজ কোনোৱে কৰিব বিচাৰে তেনেহ’লে সেই কাৰ্যক অসমৰ মুছলমানে কোনো কাৰণতেই সমৰ্থন নকৰে ।বৰঞ্চ এই ক্ষেত্ৰত এনে কু কাৰ্যৰ পুলিয়ে পোখাই উঘালিবলৈ অসমৰ মুছলমান সকলে চৰকাৰ আৰু প্ৰশাসনৰ সৈতে পূৰ্ণোদ্যমত সহযোগিতা কৰিব। কাৰণ এয়া চূড়ান্ত পৰ্যায়ৰ দেশদ্ৰোহীতা। যিটো বিষয়ক কোনো কাৰণতে ইছলাম ধৰ্মই সমৰ্থন নকৰে।
সুধাকণ্ঠ প্ৰয়াত ডঃ ভূপেন হাজৰিকা দেবে অসমৰ সংবাদ জগতৰ প্ৰতি বিষেদ্গাৰ কৰি বক্তব্য প্ৰদান কৰাৰ কথা অসমবাসীৰ মনত আছে। জেহাদী বুলি সন্দেহ কৰি অসম আৰক্ষীয়ে মৰিগাঁৱৰ এখনি ছোৱালী মাদ্ৰাছাৰ শিক্ষক সকলক জেৰাৰ বাবে “নিয়া” ক চমজাই দিয়া কাৰ্যক অসমৰ সংবাদ জগতৰ চেনেল বিলাকে অসমত জেহাদী গ্ৰেপ্তাৰ হোৱা বুলি বিভিন্ন ধৰণে সংবাদ পৰিবেশন কৰা দেখা গৈছিল।কিন্তু তাৰ পিছৰ ঘটনা সম্পৰ্কত উক্ত সংবাদ গোষ্ঠী সমূহ বৰ্তমানে নীৰব হৈ থকা দৃষ্টিগোচৰ হৈ আছে। তেওঁলোকৰ কৰ্তব্য আছিল পৰৱৰ্তী সময়ত উক্ত সম্পৰ্কত ঘটি থকা ঘটনা প্ৰবাহ অসমবাসীক প্ৰতিটো পলতে অবগত কৰি থকা। যাতে এনে স্পৰ্শকাতৰ বিষয়টিৰ ক্ষেত্ৰত সকলো অসমবাসী জাতি , ধৰ্ম আৰু সম্প্ৰদায় নিৰ্বিশেষে সজাগ আৰু সচেতন হৈ থাকিব পাৰে। এই গুৰুত্বপূৰ্ণ বিষয়টিৰ সন্দৰ্ভত কিন্তু সংবাদ গোষ্ঠী সমূহৰ দায়বদ্ধতাহীনতাৰ পৰিচয়হে পোৱা গ’ল।
ইছলাম ধৰ্মৰ ধৰ্মীয় জ্ঞান প্ৰদান আৰু আহৰণ কাৰ্যৰ লগত মাদ্ৰাছাবোৰ বিশেষ ভাবে জৰিত কাৰণেই মাদ্ৰাছাৰ লগত মুছলমান সকলৰ ধৰ্মীয় আবেগ আৰু অনুভূতিৰ দিশ দুটিৰ লগত সংপৃক্ততা আছে। উক্ত ছোৱালী মাদ্ৰাছাখনিক বুলডজাৰ প্ৰয়োগ কৰি চৰকাৰী ভাবে ইতিমধ্যে বিধস্ত কৰি দিয়া হ’ল।যদিহে প্ৰকৃততেই উক্ত মাদ্ৰাছা খনিত জেহাদী আছিল তেনেহ’লে মাদ্ৰাছা খনি বিধস্ত কৰি দিলে সমস্যাটি বহিৰ্দৃশ্যত সমাধান হোৱা আৰু উচিত ব্যবস্থা গ্ৰহণ কৰা যেন লাগিলেও বাস্তবত সত্যৰ অনুসন্ধানত ব্যাঘাত আৰু সেয়া উচিত তদন্তত পিঠি দিয়া কাৰ্য বুলিহে পৰিগণিত হৈছে। লগতে মাদ্ৰাছাত যিহেতু মুছলমান সকলৰ ধৰ্মীয় আবেগ আৰু অনুভূতি জৰিত হৈ থাকে সেয়ে এচাম সুবিধাবাদী ৰাজনীতিকে উক্ত বুলডজাৰ কাৰ্যক মূলধন হিচাপে লৈ মুছলমান সকলক উচতাই জোল খোৱাৰ ফন্দি পতাৰ বাবে উঠি পৰি লাগিছে। আনহাতে আন এচামে অসমৰ সমগ্ৰ মুছলমানেই জেহাদী কাৰ্যকলাপত জৰিত বুলি চ’চিয়েল মেডিয়াত টালফাল লগাই অশান্তিকৰ পৰিবেশৰ সৃষ্টি কৰি আছে।এই কাৰ্যৰ দ্বাৰা অসমৰ শান্তি , সম্প্ৰীতি আৰু একতাত কুঠাৰাঘাত হোৱাৰ সম্ভাবনা বাৰুকৈয়ে প্ৰকটিত হৈছে। সেয়ে অসম চৰকাৰ , প্ৰশাসন আৰু স্থানীয় ৰাইজ জাতি , ধৰ্ম আৰু সম্প্ৰদায় নিৰ্বিশেষে সকলোৱে ঐক্যবদ্ধ ভাবে এনে পদক্ষেপ গ্ৰহণ কৰা উচিত যাতে প্ৰকৃত দোষী আইনৰ গইনা লৈ হাত সাৰি যাব নোৱাৰে আৰু কোনো নিৰপৰাধী ব্যক্তিয়ে ভুলবশতঃ অযথা হাৰাশাস্তিৰ যাতে সমুখীন হৈ নিৰ্যাতন ভোগ কৰিব নালাগে।এনেবোৰ কাৰণতে এই স্পৰ্শকাতৰ দিশৰ ক্ষেত্ৰত কাৰ্য ব্যবস্থা গ্ৰহণ কৰাৰ সময়ত যথোচিত সাবধানতা অবলম্বন কৰা উচিত। যি কাৰ্যৰ দ্বাৰা সাধাৰণ মুছলমান সকলে ধৰ্মীয় আবেগ আৰু অনুভূতিত আঘাত অনুভব নকৰি চৰকাৰ তথা প্ৰশাসনক সহযোগিতা কৰিবলৈ অনুপ্ৰাণিত হয়।
বিষয়বস্তুৰ মূল দিশ হ’ব লাগে মাতৃভুমি অসমৰ মঙ্গল সাধন। জাতি , ধৰ্ম আৰু সম্প্ৰদায় নিৰ্বিশেষে কোনো ব্যক্তিয়ে ব্যক্তিগত নতুবা কোনো সংগঠন আৰু অনুষ্ঠানৰ ছত্ৰছায়াত দেশদ্ৰোহী কাৰ্যকলাপত লিপ্ত হৈ অসমৰ শান্তি , সম্প্ৰীতি আৰু একতাক বিনষ্ট কৰিব নোৱাৰে তাৰ খাতিৰত ৰাজনৈতিক মোনাফাৰ অংকক পিছত পেলাই থৈ সকলো ৰাজনৈতিক দল একে মঞ্চত সমবেত হৈ ভাৰতবৰ্ষৰ সংবিধান বিৰোধী দল তথা সংগঠন সমুহে যাতে গা কৰি উঠিব নোৱাৰে তাৰ ব্যবস্থা কৰি অসম তথা ভাৰতবৰ্ষক ৰক্ষা কৰাৰ অংগীকাৰ লোৱা উচিত।