ধিং সমষ্টিৰ মৈৰাবাৰীত কংগ্ৰেছ দলৰ আজাদী কা গৌৰৱময়ৰ বিশাল যাত্ৰা

ধিং সমষ্টিৰ মৈৰাবাৰীত কংগ্ৰেছ দলৰ আজাদী কা গৌৰৱময়ৰ বিশাল যাত্ৰা

মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা–  ধিং বিধানসভা সমষ্টিৰ মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত, স্বাধীনতা সংগ্ৰামৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে, “স্বাধীনতাৰ গৌৰৱময় যাত্ৰা” আৰম্ভ হয় মৈৰাবাৰীত। মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ৰ পৰা এই যাত্ৰা শুভাৰম্ভ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনে। স্বাধীনতা গৌৰৱময় যাত্ৰাৰ লগতে এক শান্তিময় পদযাত্ৰাও কৰা হয় । কংগ্ৰেছ দলৰ এই কাৰ্য্যসূচীত ধিং সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি চামিম হাচান নগাঁও জিলাৰ যুৱ কংগ্ৰেছৰ উপ-সভাপতি আশিক মীৰ ,শ্বহীদ পৰিয়ালৰ সদস্য, মহিলা কংগ্ৰেছ,সেৱা দল, সংখ্যালঘু বিভাগ, ইয়ং ব্ৰিগেড ,আৰু NSUIৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰাৰ লগতে ধিং সমষ্টিৰ শ শ কংগ্ৰেছ কৰ্মী সকলেও এই গৌৰৱময় যাত্ৰাত অংশ গ্ৰহণ কৰে। কংগ্ৰেছৰ এই আজাদী কা গৌৰৱময় বিশাল যাত্ৰা শুভাৰম্ভ কৰা আনোৱাৰ হুছেইনে কয় আমাৰ এই গৌৰৱময় যাত্ৰা ধিং সমষ্টিৰ প্ৰত্যেক খন পঞ্চায়ততে দুৰন্ত গতিত চলিব। আৰু পানীৰ বিশালতাৰ দৰে ত্ৰিৰংগা পতাকাৰ আত্মচেতনাত প্ৰান পাব আকৌ পূথিবীৰ ক্ৰমশঃ জীৱন দৰ্শন হোৱা ভাৰত।। তেওঁ আৰু কয় ব্ৰিটিছ শাসনৰ পৰা আমাৰ দেশ মুক্ত হোৱাৰ পিছত বিজেপি শাসনকালত দেশৰ নাগৰিক সকল বিজেপিৰ ব্যাক্তিগত কৰনৰ পৰা মুক্ত হব পৰা নাই। সেয়ে ভাৰত গঢ়াৰ লক্ষ্যৰে আৰু দেশৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কংগ্ৰেছ দলে আজাদী কা গৌৰৱময় যাত্ৰা আৰম্ভ কৰিছে ।।।