ধিং থানাৰ গাঁওৰক্ষী বাহিনীৰ মাহেকীয়া সভা সম্পন্ন

ধিং থানাৰ গাঁওৰক্ষী বাহিনীৰ মাহেকীয়া সভা সম্পন্ন

আদিলুৰ ৰহমান,টুকটুকী,ৰঙিলী বাৰ্ত্তাসেৱা-  ধিং থানাৰ গাঁওৰক্ষী বাহিনীৰ মাহেকীয়া সভা সম্পন্ন হৈ যায়।সমাগত স্বাধীনতা দিৱসৰ লবলগীয়া প্ৰস্তুতিৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা হয়।ধিং থানা পৰিচালনা সমিতিৰ সভাপতি টংকেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত মুখ্যমন্ত্ৰীয়ে গুষণা কৰা ঘৰ ঘৰ ত্ৰিৰংগা বিষয়ৰ ওপৰত কটহগুৰি বজাৰ গাঁও ৰক্ষী বাহিনীৰ সম্পাদক আবুল হুছেইনে গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়াই । উক্ত সভাত উপস্থিত থাকে গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক বিষয়া পুষ্পেন্দ মহন্ত,বটদ্ৰৱা আৰক্ষী চক্ৰ বিষয়া অসীম বৰা ,ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিটু দাসৰ লগতে গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়া সকল উপস্থিত থাকে।উক্ত সভাতে পাঁচজন কৈ বিশেষ বাবে সমাজৰ ভাল কাম কৰি সমাজৰ পৰা অসমাজিক কাৰ্যকলাপৰ দূৰ কৰিবলৈ সক্ষম হোৱা পাঁচজন গাঁওৰক্ষী বাহিনীৰ সদস্যক পুৰস্কৃত কৰে ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিটু দাসে।