ধাৰাপুৰত বিহু কৰ্মশালা

ধাৰাপুৰত বিহু কৰ্মশালা

ৰঙিলী বাৰ্ত্তাসেৱা-   সৃজনীৰ সৌজন্যত প্ৰয়াত মাধৱ চন্দ্ৰ কলিতাৰ সোঁৱৰণত ধাৰাপুৰ দুৰ্গামন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈছে এখন বিনামূলীয়া বিহু কৰ্মশালা।জনপ্ৰিয় শিল্পী,গীতিকাৰ তথা সুৰকাৰ কল্যাণী ঠাকুৰীয়া আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ৰাজীৱ কলিতাৰ সহযোগত আয়োজিত এই কৰ্মশালাখনৰ প্ৰশিক্ষকৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট শিল্পী শৈলেন গগৈয়ে।১৩ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা এই কৰ্মশালাখন ২০ মাৰ্চত সামৰণি পৰে।কৰ্মশালাখনৰ সামগ্ৰিক পৰিচালনা কল্যাণী ঠাকুৰীয়াৰ ।