ধন্যবাদ ফাগুন- মুন শৰ্মা

Pc The Janambhumi
ধন্যবাদ ফাগুন
ফাগুন বোলে উভতি যাব,
বেছি পৰ নাই বোলে কেইটি মান ক্ষণ,
সময় আহি আজি পদূলিৰে মুখত,
সেমেকা মনে আজি ফেঁকুৰি কান্দে।
দিওঁনো কেনেকৈ তোমাক বিদায়,
সাধ্য আছে জানো প্ৰেমিক ফাগুনৰ,
তোমাৰ ৰঙৰে কাষত ওমলা হেঁপাহ,
তুমি সনা সুখৰে বুকুত সাঁতোৰা হেঁপাহ,
তোমাৰ সৃষ্টি প্ৰেমৰে কোলাত জিৰণিৰ হেঁপাহ,
 আধৰুৱা হৈয়েই থাকিল যে আকৌ ফাগুন।
যোৱাগৈ দেই,, বিষাই যদিও বুকুখন,
উপায় দেখোঁন মোৰ একোৱেই নাই,
উভতি যোৱা তোমাৰ বাট ৰুধি,
চিৰদিন চিৰকাল কাষতে ৰখাৰ।
ধন্যবাদ দেই  ফাগুন……..
দিওঁ কি তোমাক,
তোমাৰ নিঃস্বাৰ্থ নিৰ্ভেজাল মৰমৰে প্ৰতিদানত,
উদং দেখোঁন ক্ষমতা বুলিব একোকে নাই,
মাত্ৰ আছে এমুঠি ধন্যবাদ,
তাকেই লোৱা ৰাখিবা লগত।
           মুন শৰ্মা, লখিমপুৰ