“দৰিদ্ৰ পৰিয়ালৰ যুৱতী মহিলাৰ বাবে সমাজৰ কৰণীয়” – মানসী মিশ্ৰ

pc Urban Native Youth Association

দৰিদ্ৰ পৰিয়ালৰ যুৱতী মহিলাৰ বাবে সমাজৰ কৰণীয়

মানসী মিশ্ৰ

বিকাশ আৰু উন্নয়ন এখন দেশৰ, এখন সমাজৰ মূল সূচক বুলি ধৰা হয়। সেয়েহে বিকাশ আৰু উন্নয়নৰ ধাৰাটোক ঊর্ধ্বমুখী কৰাৰ ক্ষেত্ৰত দেশৰ মূল প্ৰগতিৰ ধাৰাটোৰ লগত একাত্ম হ’বলৈ বিচৰা হৈছে। ইয়াৰ মাজতেই কিন্তু এচাম মহিলাই মানসিক দুখ-যন্ত্ৰণাত বিধ্বস্ত হৈ দিন কটাবলগীয়া হৈছে। সেই কথা মনলৈ আনিলেই প্রতিজন সচেতন ব্যক্তিৰ মনত এবাৰলৈ হ’লেও প্রশ্ন আহে যে, আমি সঁচাকৈয়ে এখন সভ্য সমাজত বাস কৰিছো নে? এই শতিকাৰ বিকাশমুখী মানসিকতাই আমাক স্পর্শ কৰিব পাৰিছেনে?

বৈদিক যুগতেই নাৰীৰ স্থান বহুত উচ্চ আছিল। গাগী, মৈত্রেয়ী, কাত্যায়নী আদি নাৰীসকলে ইয়াৰ স্বাক্ষৰ বহন কৰে। কিন্তু আজিৰ একবিংশ শতিকাত প্ৰতিটো দিনতে হৈ থকা মহিলাৰ ওপৰত বলাৎকাৰ, নাৰী সৰবৰাহ, ডাইনীৰ দৰে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ মহিলাৰ ওপৰত হোৱা হত্যা, যৌতুকজনিত উৎপীড়ন আদিয়ে দেখুৱাই দিছে যে, আমাৰ সমাজত মহিলাৰ সামাজিক মর্যাদা বহুত লাঘব হৈছে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে কেইবছৰমানৰ পৰা আমাৰ অসমত নাৰী সৰবৰাহৰ সমস্যাই ভয়াৱহ ৰূপত গা কৰি উঠিছে। কিছুবছৰ আগলৈকে ৰাজ্যখনত এই সমস্যা ইমান জটিল আৰু ভয়াবহ নাছিল। চুবুৰীয়া ৰাষ্ট্ৰ নেপাল, বাংলাদেশ আদি ঠাইতহে এনে সমস্যা প্রকট আছিল। কিন্তু বিগত দহ বছৰমানৰ পৰা অসমত নাৰী সৰবৰাহৰ সমস্যা অতি উদ্বেগজনকভাবে বৃদ্ধি পাইছে। তেৰ চৈধা বছৰীয়া কিশোৰীৰ পৰা ত্ৰিশৰ ঊৰ্ধ্বৰ মহিলালৈকে এই সকলো সৰবৰাহৰ বলি হ’বলগীয়া হৈছে। এই কাৰ্যৰ লগত জড়িত আছে এটা ডাঙৰ চক্র। কিছু মধ্যভোগী সহায়ত দুষ্ট ব্যাবসাকি চক্ৰ এটাই বিবাহ, চাকৰি বা কোনো লাভজনক কামত নিয়োজিত কৰি দিয়াৰ প্রলোভন দেখুৱাই এই মহিলা- যুৱতীসকসক বাহিৰলৈ উলিয়াই লৈ যোৱা হৈছে। এই চক্ৰটো চলাই নিবলৈ কেইগৰাকীমান মহিলাও জড়িত হৈ থাকে, যাতে সৰবৰাহ কার্যত যুৱতী- মহিলাসকলক সহজে পতিয়ন নিয়াৰ পাৰি। পৰিয়ালৰ আৰ্থিক দৈনা, অভিভাৱকসকলৰ সজাগহীনতা আৰু আমাৰ পিতৃতান্ত্রিক সমাজত কন্যা সন্তানৰ প্ৰতি অৱহেলিত মনোভাৱৰ সুযোগ লৈয়েই ৰাজ্যখনত নাৰীৰ সৰবৰাহৰ এটা কেন্দ্র কৰি গঢ়ি তুলিছে। অত্যন্ত চিন্তাৰ বিষয় যে ২০০২ চনৰ পৰা ২০১৩ চনলৈ অসমত নাৰীসৰবৰাহ জনিত গোচৰ ৩৮.৮২৫টা। ইয়াৰ ভিতৰত ২২০৫০ টা নাৰী সৰবৰাহৰ ঘটনা সংঘটিত হৈছে। তেনেদৰে ২০০৩ ত অনৈতিক সৰবৰাহৰ ঘটনা হৈছিল ১,২৭৬ টা আৰু ২০১২ এই ঘটনা উদ্বেগজনকভাবে ৩,৩১২টালৈ বৃদ্ধি পাইছে। সাধাৰণতে দেখা গৈছে যে অসমৰ শোণিতপুৰ ধেমাজি ওদালগুৰি আদি বিভিন্ন স্থানত কোকৰাঝাৰ, লখিমপুৰ ছোৱালীক মধ্যভোগী প্রতিবছৰে বহুসংখ্যক দালাল চক্ৰৰ জৰিয়তে বিভিন্ন ভাল ভাল কামৰ মিছা প্রলোভন দি অন্য ৰাজ্যলৈ সৰবৰাহ কৰি থকা হৈছে। উল্লেখনীয়ভাবে শোণিতপুৰ জিলাৰ বালিপাৰা ব্লকৰ পৰাই যথেষ্টসংখ্যক কিশোৰী, যুৱতী এই অনৈতিক সৰবৰাহৰ বলি হৈছে। কিন্তু আজি কিছু বছৰৰ পৰা স্থানীয় ৰাইজ, মহিলা সংগঠন, যুব সংগঠন আদি যথেষ্ট সজাগ হৈছে। এইসকল লোকৰ তৎপৰতাত বিশেষকৈ ‘মহিলা সমাখ্যা’ আঁচনিয়ে সামৰি লোৱা অঞ্চলসমূহত তৃণমূল পর্যায়ৰ কৰ্মীসকলৰ প্ৰচেষ্টাত ‘নাৰী সৰবৰাহ প্ৰতিৰোধ কমিটী’ গঠন কৰা হৈছে। এই কমিটীৰ আশাশুধীয়া প্ৰচেষ্টাত এনে সৰবৰাহৰ বলি হোৱা ষোলগৰাকী যুৱতীক উদ্ধাৰ কৰা হৈছে। ২০১৩ বৰ্ষৰ মাজভাগত এটা শক্তিশালী দুষ্ট চক্ৰই য’ত কেইবাগৰাকী মহিলাও জড়িত হৈ আছে, ৩৫ গৰাকী গৱতীক বিভিন্ন অঞ্চলৰ পৰা আনি দিল্লীৰ উচ্চ প্রযুক্তিসম্পন্ন আৰু অত্যাধুনিক বিউটি পার্লাৰত কামত নিয়োজিত কৰাৰ প্রলোভন দেখুৱাই দিল্লীলৈ লৈ যোৱাৰ যো-জা কৰিছিল। এই সৰৰৰাহকাৰী চক্ৰটো যথেষ্ট শক্তিশালী আছিল যে, কিশোৰী, যুৱতীসকলৰ নাম, ঠিকনা সংগ্রহ কৰি দিয়া কামত পঞ্চায়তৰ প্রতিনিধিৰো সহায় লৈছিল। কিন্তু ধেমাজি জিলাৰ আৰক্ষী প্ৰশাসন আৰু কৰ্মকৰ্তাসকলৰ তৎপৰতাত এক ভয়াবহ আৰু অনিশ্চিত বিপদৰ পৰা ৰক্ষা পৰে। চিন্তনীয় এই যে, প্রতিবছৰে গড় হিচাপত নাৰী ব্যৱসায়ী চক্ৰৰ কবলত পৰি ৪৫০ গৰাকী মহিলাই অনিশ্চিত ভৱিষ্যতৰ মাজেদি বাট বুলিব লগা হৈছে। ইয়াৰ ভিতৰতে দুশগৰাকী কিশোৰী আৰু আঢ়ৈশ গৰাকী যুৱতী- মহিলা চি আই ডিৰ এক অনুসন্ধানমূলক তথ্যত প্রকাশ পোৱামতে, ১৯৯৬ চনত যুৱতী মহিলা সংখ্যা ২৯৭টা। ২০০১ চনত তাৰ সংখ্যা ৪৫৯টালৈ বৃদ্ধি পায়। ১৯৯৬ চনত কিশোৰীৰ ক্ষেত্ৰত হোৱা সৰবৰাহৰ সংখ্যা আছিল ২৮২ । 200৫ ত ইয়াৰ সংখ্যা ৩১৯ টা। এইদৰে আমাৰ জ্ঞাতে- অজ্ঞাতে বহুসংখ্যক মহিলা, যুৱতী, কিশোৰী সৰবৰাহ হৈ আন ৰাজ্যলৈ যায়।

এইসকলৰ জীৱন বহু সময়ত এক অন্ধকাৰ ভবিষলৈ গুচি যায়। অতি উদ্বেগজনক কথা আৰু ইতিমধ্যে মানৱ অধিকাৰ আয়োগৰ প্রতিবেদন প্রকাশ পাইছে যে, ভাৰতৰ গোৱা, কেৰালা, জন্মু, কাশ্মীৰ আদি পর্যটনস্থলী হিচাপে থকাৰ উপৰিও ব্যাৱসায়িক যৌন কেন্দ্র হিচাপেও বিখ্যাত হৈ পৰিছে। এই কেন্দ্রসমূহ চলাই নিয়াৰ বাবে বহুসংখ্যক কিশোৰী যুৱতীক পতিতা বৃত্তিত নিয়োগ কৰা হৈছে। কিছুমানক আকৌ সস্তীয়া বিউটি পার্লাৰ আদিত কম পাৰিশ্রমিকত নিয়োগ কৰা হৈছে। এইদৰে এইসকল কিশোৰী জীয়াই আছে এক অনিশ্চিত আৰু ভয়াবহ ভৱিষ্যতৰ মাজত। যিসকল কিশোৰী, যুৱতী, মহিলা ইতিমধ্যে বিভিন্ন সমাজসেৱী সংগঠন আৰু আৰক্ষীৰ প্ৰচেষ্টাত উদ্ধাৰ কৰা হৈছে। কিন্তু এইসকলৰো নিজৰ গাঁওখন আহি পোৱাৰ পিচত নানা আলৈ- আহুকালৰ সৃষ্টি হৈছে। আমাৰ ৰক্ষণশীল সমাজ ব্যৱস্থাত গাঁওবাসীৰ লগত এওঁলোকে একেলগে বসবাস কৰাটো টান হৈ পৰে আৰু এওঁলোকৰ বাবে কৰ্ম সংস্থাপনৰ দিহা কৰিব নোৱাৰিলে এওঁলোকৰ বাবে দুবেলা দুমুঠি  খাই জীয়াই থকাটোৱেই কঠিন হৈ পৰে। সেইকাৰণে চৰকাৰ তথা প্রশাসনে এই সৰবৰাহৰ বলি হৈ উভতি অহা কিশোৰী, যুৱতী আৰু মহিলা সকলক সংস্থাপনৰ বিষয়টোত গুৰুত্ব দিয়া উচিত। এইসকল কিশোৰী, যুৱতী আৰু মহিলাৰ বাবে বিভিন্ন বৃত্তিমূলক প্রশিক্ষণৰ ব্যৱস্থা কৰিব লাগে। এইবোৰৰ দ্বাৰা এওঁলোকে বিভিন্ন ঠাইত সংস্থাপিত হৈ নিজৰ ভাত মোকলাব পাৰে। আৰক্ষী থানা আৰক্ষী চকী সমূহতো সৰবৰাহ প্ৰতিৰোধকাৰী কোষ গঠন কৰিব লাগে। চাহবাগান অঞ্চল আৰু সীমামূৰীয়া অঞ্চলসমূহত চৰকাৰৰ ফালৰ পৰা সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰিব লাগে। সমাজসেৱী সংগঠন, চৰকাৰ প্ৰশাসনে সৰবৰাহৰ বিষয়টোক গুৰুত্বসহকাৰে লৈ যথোচিত পদক্ষেপ গ্রহণ কৰিব নোৱাৰিলে এইসকল কিশোৰী, মহিলাৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰিব। সৰবৰাহ হোৱা দৰিদ্ৰ পৰিয়ালৰ এই সকল যুৱতী-কিশোৰী মহিলাৰ প্রতি আমাৰ সমাজখনৰ সকলোৰে কৰণীয় আছে।