দৰিদ্ৰতাকো নেওচি নেপালৰ কাঠমাণ্ডুত সোণৰ পদক অৰ্জন

দৰিদ্ৰতাকো নেওচি নেপালৰ কাঠমাণ্ডুত সোণৰ পদক অৰ্জন

ব্ৰহ্মানন্দ বসুমতাৰী,কলাইগাওঁ, ৰঙিলী বাৰ্ত্তাসেৱা-  নেপালৰ কাঠমাণ্ডুত অনুস্থিত হোৱা ইন্দো-নেপাল ৰুৰেল গেমছ ২০২১-২২ৰ কিক্-বক্সিং শাখাত প্ৰতিদন্দিতা কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ওদালগুৰি জিলাৰ ভবেশ কছাৰীয়ে। ওদালগুৰি জিলাৰ পশ্চিম ফুতুকিবাৰি গাওঁৰ নিবাসী মোহন কছাৰী আৰু গুনেশ্বৰি কছাৰীৰ সুসন্তান ভবেশ কছাৰীয়ে দৰিদ্ৰতাকো নেওচি এই সাফল্য লাভ কৰিবলৈ সক্ষম হয়। তেওঁৰ পিতৃ হৈছে এগৰাকী ব্ৰ্ইলা মংসৰ দোকানি আৰু মাতৃ্য়ে দৈনিক চাহ বাগিছাত কাম কৰে। অৰ্থিক অভাৱৰ বাবে তেওঁ নেপাললৈ খেলিব যোৱাৰ আগেয়ে টংলা চহৰৰ দোকানে দোকানে গৈ আৰ্থিক সহায় বিচাৰিব লগিয়া হৈছিল বুলি আজি আমাৰ সংবাদদাতাক জানিবলৈ দিয়ে। তেওঁ মাতৃয়ে এই সাফল্যৰ বাবে শুভাকাংশী আৰু আৰ্থিক ভাবে সহায় কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে চৰকাৰৰ পৰাও আগন্তোক দিনত সহায় সহযোগিতা কামনা কৰিছে। উল্লেখযোগ্য যে আজি দৰং জিলাৰ সদৰ মংঙলদৈৰ পৰা এক শুভাযাত্ৰাৰে কলাইগাওঁ অঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ লৈ অনা হয় আৰু এই কাৰ্যালয়তে তেওঁক উষ্ম আদৰণী জনোৱা হয়। আদৰণী অনুস্থানটোৰ আত ধৰে কলাইগাওঁ অঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সধাৰণ সম্পাদক কলয়্যান বড়োৱে আৰু আদৰণী জনায় সভাপতি ফিৰুচ কান্ত বসুমতাৰীয়ে লগতে তেওঁ আগন্তোক দিনত সকলো ধৰণৰ সহায় সহযোগিতা কৰাৰ আশা প্ৰদান কৰে।