দ্বাৰকাত শিক্ষাৰ্থী-ৰোগীৰ বাবে অসম ভৱন নিৰ্মাণ

pc-Financial Express

দ্বাৰকাত শিক্ষাৰ্থী-ৰোগীৰ বাবে অসম ভৱন নিৰ্মাণ

অনলাইন বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিচালনাত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত দেশৰ বিভিন্ন ৰাজ্যত অসম ভৱনৰ নিৰ্মাণ, উন্নয়ন সাধন আৰু অন্যান্য নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ বাব এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নতুন দিল্লী আৰু কলকাতাৰ অসম ভৱনৰ উন্নয়ন, দেশৰ ভিন্ন প্ৰান্তত নতুনকৈ নিৰ্মাণ কৰিবলগীয়া অসম ভৱন আৰু অন্যান্য নিৰ্মাণকাৰ্যৰ বিষয়ে পৰ্যালোচনা কৰে। এই বৈঠকখনত সাধাৰণ প্ৰশাসন বিভাগ, লোক নিৰ্মাণ বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে নতুন দিল্লী আৰু কলকাতাৰ অসম ভৱনৰ উন্নয়নৰ কাম শীঘ্ৰে আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকতে ছাত্ৰ-ছাত্ৰীৰ বাবে দ্বাৰকাত নিৰ্মাণ কৰিবলগীয়া অসম ভৱনৰ বিষয়েও আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে নতুন ৰাজভৱন নিৰ্মাণৰ সম্পৰ্কত এই বৈঠকত আলোচনা কৰাৰ লগতে এইক্ষেত্ৰত তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে।

 

(RT)