দেশৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীসকলৰ তালিকাত সৰ্বানন্দ সোণোৱাল

বাৰ্ত্তাসেৱা – অ’মেক্স মিডিয়া নামৰ সংস্থাটোৱে প্ৰকাশ কৰা মতে, দেশৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীসকলৰ তালিকাত সৰ্বানন্দ সোণোৱালক তৃতীয় স্থানত ৰখাৰ লগতে মুখ্যমন্ত্ৰী হিচাপে পূৰ্বৰ তুলনাত ছয় শতাংশ বৃদ্ধি পোৱা বুলিও উল্লেখ কৰিছে। সোণোৱালক সাম্প্ৰতিক প্ৰেক্ষাপটত দেশৰ তৃতীয় শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে চিহ্নিত কৰি সংস্থাটোৱে আঙুলিয়াই দিছে অসমৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ সাফল্যৰ ধাৰা অব্যাহত ৰখাত লক্ষ্যণীয়ভাৱে সফল হৈ কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছে। মন কৰিবলগীয়া যে সংস্থাটোৱে যোৱা মাহতো প্ৰকাশ কৰা দেশৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীসকলৰ তালিকাত তৃতীয় স্থানতে আছিল সোণোৱাল। বিগত মাহৰ তুলনাত এইবাৰ সংস্থাটোৱে মুখ্যমন্ত্ৰী সোণোৱালৰ সাফল্যৰ হাৰ ৬ শতাংশ  বৃদ্ধি পোৱা বুলিও আঙুলিয়াই দিছে। মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীসকলৰ তালিকাত একেলগে তৃতীয় স্থান লাভ কৰিছে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে। সদ্যসমাপ্ত কেৰেলা বিধানসভা নিৰ্বাচনত শাসকীয় এল ডি এফক চমকপদ বিজয়ৰ পথেৰে আগুৱাই নিয়া বিজয়নকো শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত তৃতীয় স্থান দিছে অ’মেক্স মিডিয়াই। মন কৰিবলগীয়া যে সংস্থাটোৱে প্ৰকাশ কৰা তালিকাত একেবাৰে শীৰ্ষস্থানত ৰাখিছে ওড়িষাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক।