দেশৰ শ্বেয়াৰ বজাৰে ৰচিলে ইতিহাস

pc Youthistaan

দেশৰ শ্বেয়াৰ বজাৰে ৰচিলে ইতিহাস

অনলাইন বাৰ্ত্তাসেৱা – প্ৰথমবাৰৰ বাবে বি এছ ই ছেনছেক্স আন্তর্জাতিক বজাৰত শ্বেয়াৰ বজাৰৰ উত্থানৰ ফলত ৬০ হাজাৰ অতিক্ৰম কৰে আৰু দেশীয় শ্বেয়াৰ বজাৰত সৃষ্টি কৰে এক নতুন অভিলেখৰ ৷ শ্বেয়াৰ বজাৰ পুৱা মুকলি হোৱাৰ লগে লগে বি এছ ই ছেনছেক্স আৰু এন এছ ই নিফটীৰ সূচাংক বৃদ্ধি পাবলৈ ধৰে। সামৰণি পৰত ছেনছেক্স ১৬৩.১১ তথা ০.২৭ শতাংশ বৃদ্ধিৰে ৬০,৩৩৩ পইণ্ট পায়গৈ। ইপিনে এন এছ ই নিফটী ৩০.২৫ পইণ্ট তথা ০.১৭ শতাংশ বৃদ্ধিৰে সৰ্বকালৰ শিখৰত ১৭,৮৫৩ ত বজাৰ সামৰণি পৰে। উল্লেখ্য যে ছেনছেক্সৰ অভাৱনীয় উত্থানৰ আঁৰত মহিন্দ্ৰ এণ্ড মহিন্দ্ৰ, এইচ চি এল টেক, এইচ ডি এফ চি বেংক, ভাৰতী এয়াৰটেল, মাৰুতি আৰু ইনফ’ছিছৰ শ্বেয়াৰ প্ৰায় ৪ শতাংশ বৃদ্ধি পায়। তাৎপর্যপূর্ণ যে ১৯৯০ চনত ছেনছেক্স প্ৰথমবাৰৰ বাবে এহেজাৰ পইণ্ট অতিক্ৰম কৰিছিল। ৩১ বছৰ পাছত এই ছেনছেক্সে আজি ৬০ হাজাৰ অতিক্ৰম কৰিবলৈ সক্ষম হয়।