দেশবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ বৈশিষ্ট্যৰ ৩৫ শস্যৰ বীজ অৰ্পণ

pc Business Standard

দেশবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ বৈশিষ্ট্যৰ ৩৫ শস্যৰ বীজ অৰ্পণ

অনলাইন বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডিয়ান কাউঞ্চিল অৱ এগ্ৰিকালচাৰেল ৰিছাৰ্চ(আই চি এ আৰ)ৰ দ্বাৰা বিকশিত বিশেষ বৈশিষ্ট্যসমৃদ্ধ ৩৫ শস্যৰ বীজ মুকলি কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে জলবায়ু পৰিৱৰ্তন আৰু পুষ্টিহীনতা প্ৰত্যাহ্বান শীৰ্ষক কাৰ্যসূচী সম্বোধন কৰি ভিডিঅʼ কনফাৰেঞ্চযোগে এই ৩৫ শস্যৰ বীজ দেশবাসীক উচৰ্গা কৰে। আই চি এ আৰৰ প্ৰতিষ্ঠানসমূহ, ৰাজ্য আৰু কেন্দ্ৰৰ কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা আয়োজিত কাৰ্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰা শস্যৰ বীজে জলবায়ু পৰিৱৰ্তনৰ মাজতে ফচল দিব পাৰিব। মানৱ আৰু পশুৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱা একাংশ শস্যৰ বীজক এই চি এ আৰ-এ বিজ্ঞানসন্মত পদ্ধতিৰে বিকাশ ঘটাই নতুন বীজৰ সৃষ্টি কৰিছে।