দেশত কোৰোনাৰ তৃতীয় ঢৌৰ সম্ভাৱনা প্ৰকট – কেন্দ্ৰ

অনলাইন বাৰ্ত্তাসেৱা- : দেশত কোৰোনাৰ দ্বিতীয় ঢৌ সামান্য শাম কটাৰ পাছতেই তৃতীয় ঢৌৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। বিশেষকৈ শিশু সকলৰ দেহত এই কোৰোনাৰ সংক্ৰমন অধিক হোৱাৰ আশংকা ব্যক্ত কৰিছে বহু চিকিৎসা বিজ্ঞীনীয়ে। ১৮ বছৰ ওপৰৰ আৰু ৪৫ বছৰ বয়সৰ ওপৰৰ লোক সকলক ইতিমধ্যে ভেকচিন প্ৰদানৰ কাম আৰম্ভ কৰিছে কেন্দ্ৰ চৰকাৰে।কিন্তু শিশু সকলক লৈ এতিয়া বিপদত পৰিছে অভিভাৱক সকল। সাম্ভাব্য বিপদৰ পৰা দেশৰ শিশু সকলক সুৰক্ষা প্ৰদান কৰিবলৈ ১২ ৰ পৰা ১৮ বছৰ বয়সৰ শিশু সকলৰ বাবে ‘জিডাছ কেডিলাৰ’ নামৰ কোৰোনা ভেকচিনৰ ক্লিনিকেল পৰীক্ষণ ইতিমধ্যে সমাপ্ত হৈছে।কেন্দ্ৰই শিশুৰ ভেকচিন নীতিৰ ওপৰত উচ্চতম ন্যয়ালত এক তথ্য দাখিল কৰিছে আৰু অতি সোনকালে এই ক্ষেত্ৰত অনুমতি প্ৰদান কৰাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে।