দুৰ্গা পূজাৰ আমেজ

pc the Quint

দুৰ্গা পূজাৰ আমেজ

✍🏻 সংযুক্তা দত্ত

পূজা বুলি ক’লেই আমাৰ সকলোৰে মনটো বৰ ভাল লাগি যায়। প্ৰত্যেক পূজাৰ একো একোটা বিশেষত্ব থাকে।ঠিক তেনেদৰে দুৰ্গা পূজাৰো এক বিশেষত্ব আছে। গনেশ পূজা বা গনেশ চতুৰ্থীৰ দ্বাৰা পূজা সমূহৰ আৰম্ভণি হয়। আৰু সৰস্বতী পূজাৰ দ্বাৰা পূজা সমূহৰ সমাপ্তি ঘটে। দুৰ্গা পূজা শৰৎ ঋতুত হোৱাৰ বাবে শাৰদীয় দুৰ্গোউৎসৱ বুলি কোৱা হয়। দুৰ্গা পূজাৰ আগত শাৰদীয় নৱৰাত্ৰি পালন কৰা হয়। এই নৱৰাত্ৰি ন দিন আৰু ৰাতি মিলি হয়। এই ন দিন শুভদিন বুলি ধৰা হয়। এই নটা দিন হ’ল মা দুৰ্গাৰ পৱিত্ৰ দিন। বহু বছৰৰ আগতেই মহিষাসুৰ নামৰ এটা অত্যাচাৰী ৰাক্ষক আছিল। যি আধা দানৱ আৰু আধা ম’হ গৰু আছিল। মহিষাসুৰে বহু বছৰ ধৰি ভগৱান ব্ৰহ্মাক তপস্যা কৰিছিল। যাতে তেওঁ অমৰ হোৱা বৰদান দিয়ে । এনেকৈয়ে তপস্যা কৰোঁতে ভগৱান ব্ৰহ্মা প্ৰসন্ন হৈ দেখা দিলে। আৰু ব্ৰহ্মাই মহিষাসুৰ ক সুধিলে যে তোমাক কি বৰ লাগিব। মহিষাসুৰে ক’লে যে মোক অমৰ হোৱা বৰ লাগে। ব্ৰহ্মা ই ক’লে সেয়াতো অসম্ভব মানুহ মৰণশীল। মহিষাসুৰে আকৌ ক’লে যে তেতিয়া হ’লে মোক এনেকুৱা এটা বৰ দিয়ক যে দেৱতা আৰু পুৰুষৰ হাতত যাতে মোৰ মৃত্যু নহয়। ব্ৰহ্মা ই বৰ দিলে। তোমাৰ ইচ্ছা পূৰ্ণ হওঁক । তাৰ পিছৰ পৰাই মহিষাসুৰে নিজকে অমৰ বুলি ভাৱিলে। নিজৰ অহংকাৰত গোটেই পৃথিৱীত অত্যাচাৰ চলাব ধৰিলে। আৰু তাৰ পিছত স্বৰ্গ পৰাও দেৱতা সকলক খেদি পঠিয়ালে। দেৱতা সকল উপায়বিহীন হ’ল । আৰু ব্ৰহ্মা বিষ্ণু শিৱৰ ওচৰলৈ গ’ল আৰু ব্ৰহ্মা বিষ্ণু শিৱই কিছু সময় আলোচনা কৰি তৃতীয় শক্তিৰ উপন্ন কৰিলে। এনেকুৱা তিব্ৰ শক্তিৰ প্ৰকাশ যি কোনেও দেখা পোৱা নাছিলে। আৰু তিব্ৰ প্ৰকাশৰ দহ খন হাতধাৰী আদি শক্তি ৰূপী মা দুৰ্গাৰ আৱিৰ্ভাৱ হয়। এজন এজনকৈ সকলো দেৱতাই মা দুৰ্গাক অস্ত্ৰ প্ৰদান কৰিলে । এনেকৈয়ে অস্ত্ৰ- শস্ত্ৰয়ে সু-সৰ্জিত হৈ দেৱী দুৰ্গায়ে দানৱ ৰূপী মহিষাসুৰৰ লগত যুদ্ধ বাবে সাজু হ’ল এনেকৈ দেৱী দুৰ্গা আৰু মহিষাসুৰৰ মাজত দহদিনলৈ যুদ্ধ চলিল । আৰু অৱশেষত দেৱী দুৰ্গায়ে মহিষাসুৰক বধ কৰাত সফল হ’ল । আৰু এই দহদিনকে ভাৰতবৰ্ষত দুৰ্গা পূজা হিচাপে পালন কৰা হয়। দহ দিনৰ দিনা জয় হোৱাৰ বাবে এই দিনটো বিজয়া দশমী হিচাপে পালন কৰা হয়।

দুৰ্গা পূজা বুলি ক’লেই আমাৰ সকলোৰে মনলৈ প্ৰথমতে বেলুন আৰু জেলেপি ৰ কথা মনলৈ আহে । শিশুৰ পৰা বৃদ্ধলৈকে দুৰ্গা পূজা বুলি ক’লে মন আনন্দত আত্মহাৰা হৈ যায়। দুৰ্গা পূজাত পূজাৰ মণ্ডপ সমূহ বিশেষ আৰ্কষণীয় কৰি তোলা হয়। শেষত এটাই দেৱী দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এইবাৰ যাতে কৰুণা মহামাৰী এই পৃথিৱীৰ পৰা নাইকিয়া হয় । সকলো যাতে মা দুৰ্গাৰ আশিৰ্বাদত সুস্থ – সৱল হৈ থাকে।