দুদিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ শ্বিলঙত উপস্থিত

pc-moneycontroll

অনলাইন বাৰ্ত্তাসেৱা-  দুদিনীয়া ভ্ৰমণসূচীৰে আজি শ্বিলঙত উপস্থিত হৈছেহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শনিবাৰে শ্বিলং আৰু দেওবাৰে অসমত উপস্থিত হৈ বহুকেইটা কাৰ্যসূচীত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।শনিবাৰে ৫.৩০বজাত আয়োজন কৰা এই বিশেষ বৈঠকত উপস্থিত থাকিব উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান, মুখ্য সচিব সকল। এই বৈঠকত বিশেষকৈ সীমা সমস্যা আৰু আইন শৃংখলাজনিত বিষয়ে মুখ্য স্থান লাভ কৰিব। শ্বিলঙৰ ষ্টেট কনভেনচন চেন্টাৰত অনুষ্ঠিত হব এই গুৰুত্বপূৰ্ণ বৈঠকখন।এই বৈঠকত অসমৰ বিভিন্ন সমস্যাৰ সন্দৰ্ঙতো আলোচনা হব। ৰাতিতো মেঘালয়ে কটাই পিছদিনা দুটা বিশেষ কাৰ্যসূচীত অংশ লোৱাৰ পাছত গুৱাহাটীভিমুখী হব অমিত শ্বাহ।গুৱাহাটীত উপস্থিত হৈয়ে কামাখ্য ধাম পৰিদৰ্শন কৰা পিচত গুৱাহাটী চিকিতসা মহাবিদ্যালয়ৰ কেন্সাৰ হাস্পতালৰ ৰেডিঅথেৰাপি ব্লকটোৰ শুভাৰম্ভ কৰিব। পাঞ্জাবাৰীস্থ শংকৰদেৱ কলাক্ষেত্ৰত সন্ধিয়া অনুষ্ঠিত হব লগা কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। by utpal kalita