দুটাতকৈ অধিক সস্তানৰ পিতৃ-মাতৃয়ে এতিয়াৰে পৰা নাপাব কোনো চৰকাৰী আঁচনিৰ সুবিধা

pc The Economic Times

অনলাইন বাৰ্ত্তাসেৱা – ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিসমূহৰ হিতাধিকাৰী হ’বলৈ হ’লে এতিয়াৰে পৰা বলৱৎ হ’ব জনসংখ্যা নীতি। দুটাতকৈ অধিক সস্তানৰ পিতৃ-মাতৃয়ে এতিয়াৰে পৰা নাপাব কোনো চৰকাৰী আঁচনিৰ সুবিধা। অন্য আঁচনি বাদেই, সদ্যহতে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই আঁচনিতো অনুসৰণ কৰা হ’ব জনসংখ্যা নীতি। অৱশ্যে দুটি সন্তানৰ দৰে কঠোৰ নিয়ম নহয়, বৰং সদ্যহতে চাৰি বা পাঁচটা সন্তানৰ চৰ্ত আৰোপ কৰা হ’ব এই সুবিধা গ্ৰহণ কৰিবলৈ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰি কয় যে ইতিমধ্যে ৰাজ্যত আৰম্ভ কৰা হৈছে জনসংখ্যা নীতি। প্রথম অৱস্থাত চাৰি-পাঁচটা সন্তানৰ পিতৃ-মাতৃকো আঁচনিৰ সুবিধা দিয়া হ’ব যদিও লাহে লাহে ইয়াৰ সুবিধা দুটি সন্তানলৈ হ্রাস কৰা হ’ব। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে এছ টি, এছ চি আৰু চাহ বাগিচাৰ লোকসকলক বাদ দি আন সকলো লোকৰ ক্ষেত্ৰতে প্রযোজ্য হ’ব জনসংখ্যা নীতি। মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰতো এছচি এছটি আৰু চাহ জনগোষ্ঠীক বাদ দি সকলো লোকৰ ক্ষেত্ৰতে চাৰি বা পাঁচটা সন্তানৰ নীতি প্রযোজ্য হ’ব। অর্থাৎ চাৰি বা পাঁচটা সন্তানৰ অধিক সন্তানৰ মাতৃয়ে লাভ নকৰিব ঋণ ৰেহাইৰ সুবিধা। মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ভৱিষ্যতে অৰুণোদয়, মুখ্যমন্ত্ৰীৰ আৱাস যোজনা, প্রধানমন্ত্ৰীৰ আৱাস যোজনা আদিকে ধৰি সকলো চৰকাৰী আঁচনিতো জনসংখ্যা নীতিৰ নিয়ম প্ৰৱৰ্তন কৰা হ’ব।