দুখ…
মোৰো আছিল
আই-পিতাই
ভাই-ভনীৰে ভৰা
এটি সৰু ভগা পঁজা।
এটি দুটিকৈ
ফুলৰ দৰে সৰি
গুচি গ’ল
একো নজনাকে।
দুৰ্ভগীয়া কেতেকী
হিয়াভগা বিননি
মোৰ মন
উৰুঙা উৰুঙা
নাযায়-নুপুৱায়
দুখৰ ৰাতি।
নন্দেশ্বৰ মিলি
নগাঁও,অসম
মোৰো আছিল