এক মিনিটৰ গল্প
দিপাৱলী, পোহৰ নে অন্ধকাৰ ?
শৈলেন কুমাৰ
মিৰ্জা ( কামৰূপ )
সূৰজ দিপাৱলী আহিল দেখোন,তাৰ বন্ধু ৰাতুলে শুধিলে ৷ এইবাৰ দিপাৱলী কিদৰে উদযাপন কৰিবা? পোহৰৰ উৎসৱ দিপাৱলী বছৰত এবাৰেই আহে ৷ ৰাতুলক উদ্দেশ্যি সূৰজৰ প্ৰশ্ন তোমাৰ কি পৰিকল্পনা দিপাৱলী উপলক্ষে বন্ধু ? তুমিটো জানাই বন্ধু দিপাৱলী বুলি কোনো কথা নাই,মোৰবাবে বছৰৰ প্ৰত্যেক দিনেই উৎসৱ ৷ দুদিনীয়া জীৱনটোত হাঁহি ফূৰ্ত্তিৰে উপভোগ কৰিবলৈ বিচাৰোঁ ৷ বন্ধুৰ লগত ঘূৰিফুৰি মাতাল হ’ম সেইদিনাখন, আতছবাজী ফুটুৱাই ৰাতিৰ পৰা আৰম্ভ কৰি পুৱতিনিশালৈ জুৱা চলিব। জীৱনত মানুহক মনোৰঞ্জন লাগে কেৱল,আৰু একো নাই এই দুনিয়াত, নিচাহ লাগে আজিকালি সকলোকে,তেতিয়াহে সমাজত চলিব পাৰি ৷ দিপাৱলী উপলক্ষে মোৰ পৰিকল্পনা বাৰু ক’লো বন্ধু তোমাক, এতিয়া কোৱা তোমাৰ পৰিকল্পনাৰ কথা ৷ সূৰজে কিছুসময় ৰৈ এটা গভীৰ হুমুনিয়াহ কাৰি কবলৈ আৰম্ভ কৰিলে ৷ বন্ধু তুমি জানানে , দিপাৱলীৰ দিনাখন প্ৰভু শ্ৰীৰামচন্দ্ৰই বনবাসৰ পৰা ঘৰ উভতিছিল,যাৰবাবে সেইদিনাখন সমগ্ৰ অযোধ্যা বাসীয়ে দীপ জ্বলাই পোহৰৰে প্ৰভু শ্ৰীৰামচন্দ্ৰক আদৰণি জনাইছিল আৰু সেই পৰম্পৰা ইতিপূৰ্বেৰ পৰা আমি ভাৰতীয় সকলে দিপাৱলীৰ উৎসৱ হিচাপে উদযাপন কৰি আহিছোঁ ৷ শ্ৰীৰামচন্দ্ৰৰ জীৱনত মনোৰঞ্জন বুলি একোএটা নাছিল, বনবাসৰ সময়ত তেখেতে জংঘলৰ কাঁইটৰে ভৰা দুৰ্গম অঞ্চলত ঘুৰিব লগা হৈছিল ৷ নিজৰ পত্নী সীতাক ৰাৱনে অপহৰণ কৰাৰ পাছত তেখেতে বহু কষ্টৰে সন্যবাহিনী গটাই যুদ্ধ কৰি ৰাৱনক পৰাস্ত কৰি সীতাদেৱীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু আজি আমি সেই প্ৰভু শ্ৰীৰামচন্দ্ৰৰ আদৰ্শক ন্যায় দিব পাৰিছোঁ নে ? আমিটো তেখেতৰ নামলৈ ভক্তিৰ নামত একোএকোখন বজাৰ খুলি লৈছোঁ ৷ এয়া নেকি আমাৰ পৰম্পৰা ৰক্ষাৰ যুঁজ ? ধৰ্মক বিকৃত কৰি আমি মনোৰঞ্জনৰ নাম দিছোঁ ৷ ধৰ্ম এতিয়া ভোগ বিলাস মনোৰঞ্জনৰ সামগ্ৰী ৷ আমি উৎসৱৰ প্ৰকৃত মৰ্ম পাহৰি পেলাইছোঁ, দিপাৱলী এতিয়া আতছবাজী, ডাঙৰ ডাঙৰ অট্টালিকা ঘৰ সমূহত ৰংবিৰঙৰ লাইটৰ মালা আঁৰি,ইজনেসিজনৰ ওপৰত প্ৰভুত্ব স্থাপন কৰাৰ প্ৰতিযোগিতাত নামি পৰিছোঁ ৷ দিপাৱলী উৎসৱত কিমানজনে প্ৰভু শ্ৰীৰামচন্দ্ৰৰ নাম মুখত উচ্চাৰণ কৰে ৷ হয়টো বন্ধু তুমি এতিয়া ক’বা সেই ৰামচন্দ্ৰ ও নাই আৰু অযোধ্যা ও নাই কিন্তু মই ক’ম ৰাম যদি নাই আৰু যদি নাই অযোধ্যা তেতিয়া হ’লে তোমাৰ অস্তিত্বই নাই ৷ সেইবাবে বন্ধু এইবাৰ দিপাৱলীত প্ৰভু শ্ৰীৰামচন্দ্ৰক স্মৰণ কৰি তেখেতে দেখুওৱা আদৰ্শবোৰ আমাৰ জীৱনত কিদৰে ৰূপায়ণ কৰিব পাৰোঁ তাকে পৰ্যালোচনা কৰাই মোৰ দিপাৱলীৰ পৰিকল্পনা ৷ দিপাৱলীৰ দীপৰ পোহৰৰ উজ্জ্বলতাবোৰ দৰে জীৱনত কেনেকৈ উচ্চতা আৰু শ্ৰেষ্ঠতা প্ৰদান কৰিব পাৰি সেয়া হ’ব মোৰ দিপাৱলীৰ পৰিকল্পনা ৷