দিনপঞ্জী আমাৰ বাবে কিমান প্ৰয়োজনীয় – ভাস্কৰ প্ৰিয়ম হাজৰিকা

Pc Loving Life

দিনপঞ্জী আমাৰ বাবে কিমান প্ৰয়োজনীয়

ভাস্কৰ প্ৰিয়ম হাজৰিকা
কৰচুং সত্ৰ, নগাঁও

মানুহৰ জীৱনটো এক সুদীর্ঘ আৰু জটিল যাত্ৰাৰে ভৰপূৰ। এই যাত্ৰাত কেতিয়াবা সফলতা, কেতিয়াবা ব্যৰ্থতা এইদৰে বিভিন্ন পৰিস্থিতিৰ মাজেৰে মানুহ আগবাঢ়ে। কিন্তু এই সকলোবোৰৰ মাজত যি বস্তুটোৱে মানুহক সঠিক পথ দেখুৱায়, সেইটো হৈছে সময়ৰ সঠিক ব্যৱস্থাপনা। সময়ক সঠিকভাৱে ব্যৱহাৰ কৰাৰ এক সহজ আৰু কার্যকৰী উপায় হৈছে দিনপঞ্জী বা ৰুটিন। দিনপঞ্জী মানে হৈছে দৈনন্দিন কাম-কাজবোৰ আগতেই সুসংগঠিতভাৱে সাজি লোৱা, যাতে জীৱনটো নিয়মতান্ত্ৰিক আৰু শৃংখলাবদ্ধ হয়। সঠিক আৰু শৃংখলাবদ্ধ অবিহনে কোনো কামে সফলতা লাভ কৰিব নোৱাৰে। আমাৰ জীৱনৰ প্ৰতিটো কৰ্ম কৰা আগতে তাৰ এটা শৃংখলগত ধাৰণা প্ৰস্তুত কৰি ল’ব লাগে তেতিয়াহে সেই কৰ্মটো সম্পাদনা কৰিবলৈ সহজ হৈ পৰে। ছাত্ৰ জীৱনৰ পৰাই দিনপঞ্জী লিখাটো আৰু মানি চলাটো অভ‍্যাসত পৰিণত কৰিব লাগে। দিনপঞ্জীয়ে আমাৰ জীৱনত বহুখিনি ক্ষেত্ৰতেই প্ৰভাৱ পেলায়। সময়ৰ সঠিক ব‍্যৱহাৰ কৰাটো অভ‍্যাস হৈ পৰে যাৰ ফলত প্ৰতিটো কৰ্ম সুন্দৰভাৱে সম্পাদন কৰাত সহায় হয়।

প্ৰথমতে, দিনপঞ্জীয়ে সময়ৰ মূল্য বুজিবলৈ সহায় কৰে। সময় হৈছে জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ, যাক এবাৰ নষ্ট কৰিলে পুনৰ ঘূৰি নাহে। এজন মানুহে যদি নিজৰ দিনটোৰ কাম-কাজ আগতেই পৰিকল্পনা কৰি লয়, তেন্তে তেওঁ সময় অপচয় নকৰে। উদাহৰণস্বৰূপে, এজন ছাত্ৰই যদি পঢ়াৰ সময়, খেলাৰ সময় আৰু বিশ্ৰামৰ সময় নিৰ্দিষ্ট কৰি লয়, তেন্তে তেওঁ সকলো কাম সুন্দৰভাৱে সম্পন্ন কৰিব পাৰে। এইদৰে দিনপঞ্জীয়ে সময়ৰ সদ্ব্যৱহাৰ নিশ্চিত কৰে।

দ্বিতীয়তে, দিনপঞ্জীয়ে মানুহৰ জীৱনত শৃংখলা আৰু নিয়ম আনে। শৃংখলাহীন জীৱন মানেই অব্যৱস্থা আৰু অসফলতা। যিসকলে নিয়ম মানি চলে, তেওঁলোকৰ জীৱন সাধাৰণতে অধিক সাফল্যমণ্ডিত হয়। এটা সুশৃংখলিত ৰুটিনে মানুহক দায়িত্বশীল, আত্মনিয়ন্ত্ৰিত আৰু একাগ্ৰ কৰি তোলে। এই গুণবোৰ জীৱনত সফল হ’বলৈ অতি প্ৰয়োজনীয়।

তৃতীয়তে, দিনপঞ্জীয়ে মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত কৰে। সঠিক সময়ত শুৱা আৰু উঠা, নিয়মিত আহাৰ গ্ৰহণ, ব্যায়াম আৰু বিশ্ৰাম এইবোৰ যদি এটা ৰুটিন অনুসৰি কৰা হয়, তেন্তে মানুহৰ দেহ আৰু মন দুয়ো সুস্থ থাকে। আজিৰ যুগত অধিকাংশ মানুহে অনিয়মিত জীৱনযাপন কৰাৰ বাবে বিভিন্ন ৰোগত আক্ৰান্ত হয়। কিন্তু এটা সুস্থ ৰুটিনে এই সমস্যাসমূহৰ পৰা মুক্তি দিব পাৰে। সঠিক সময়ত খোৱা, বিছনাত যোৱা এইখিনিয়ে মানুহক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰাৰ লগতে বিভিন্ন বেমাৰৰ পৰা আঁতৰাই ৰাখে।

চতুৰ্থতে, দিনপঞ্জীয়ে লক্ষ্য স্থিৰ কৰাত সহায় কৰে। জীৱনত সফল হ’বলৈ হ’লে লক্ষ্য থকাটো অতি গুৰুত্বপূৰ্ণ। দিনপঞ্জীৰ জৰিয়তে আমি আমাৰ লক্ষ্যসমূহ সৰু-সৰু অংশত বিভক্ত কৰি ল’ব পাৰো আৰু ধীৰে ধীৰে সেইবোৰ পূৰণ কৰিব পাৰো। ই মানুহক প্ৰেৰণা দিয়ে আৰু আগবাঢ়িবলৈ সাহস যোগায়।

পঞ্চমতে, দিনপঞ্জীয়ে অলসতা দূৰ কৰে। অলসতা হৈছে সফলতাৰ আটাইতকৈ ডাঙৰ শত্ৰু। যেতিয়া আমাৰ এটা স্পষ্ট ৰুটিন থাকে, তেতিয়া আমি অলস হ’ব নোৱাৰো কাৰণ আমাৰ আগত স্পষ্টকৈ কিছুমান দায়িত্ব আৰু কাম নিধাৰণ কৰা থাকে। এইদৰে দিনপঞ্জীয়ে আমাক সক্ৰিয় আৰু উৎপাদনশীল কৰি তোলে।

শেষত ক’ব পাৰি যে, বতৰ্মান সময়ত মানুহৰ হাতত সময় কম। দিনপঞ্জী বা ৰুটিন হৈছে সফল, সুস্থ আৰু শৃংখলাবদ্ধ জীৱনৰ এক মুল আধাৰ। ই মানুহক সময়ৰ মূল্য বুজায়, জীৱনত নিয়ম আনে, স্বাস্থ্য ৰক্ষা কৰে আৰু লক্ষ্য পূৰণত সহায় কৰে। সেয়েহে, প্ৰতিজন মানুহৰ উচিত নিজৰ দৈনন্দিন জীৱনত এটা সুসংগঠিত দিনপঞ্জী গঢ়ি তোলা আৰু তাক নিয়মিতভাৱে অনুসৰণ কৰা। নিয়মিত জীৱনেই উন্নতিৰ চাবিকাঠি, আৰু দিনপঞ্জী সেই পথৰ প্ৰধান সহায়ক।