দিছপুৰ প্ৰেছ ক্লাবত মানিক ৰয়ৰ ‘শিশু নাট্য সম্ভাৰ’ উন্মোচন

দিছপুৰ প্ৰেছ ক্লাবত মানিক ৰয়ৰ ‘শিশু নাট্য সম্ভাৰ’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- সক্ৰিয় নাট্যকৰ্মী,বিশিষ্ট শিশু নাট্যকাৰ,শিশু নাট বিশেষজ্ঞ,পৰিচালক, অভিনেতা তথা গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ বৰ্তমানৰ  সাধাৰণ সম্পাদক মানিক ৰয়ে ৰচনা কৰা আৰু ঋজুগ প্ৰকাশনে প্ৰকাশ কৰা  ৯খনকৈ শিশু নাটকৰ সংকলন ‘শিশু নাট্য সম্ভাৰ’ গ্ৰন্থখন দিছপুৰ প্ৰেছ ক্লাবত উন্মোচন কৰা হয়৷সাংবাদিক দৰ্শনা বৰুৱাই আঁত ধৰা সভাত অসমৰ এগৰাকী বিশিষ্ট বৰ্ষীয়ান অভিনেতা,নাট্যকৰ্মী কুলদা কুমাৰ ভট্টাচাৰ্যই উন্মোচন কৰে৷সভাত সাহিত্যিক তথা প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান দিলীপ বৰা,বিশিষ্ট শিশু সাহিত্যিক  তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী মহিলা মেকানিকেল অভিযন্তা বন্দিতা ফুকন,নাট্যকাৰ জিতেন শৰ্মা,অভিনেতা তথা অসমীয়া খবৰ কাকতৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ নাথ,প্ৰাগ নিউজৰ ডেপুটি এডিটৰ শান্তনু মহন্ত,সাংবাদিক, অভিনেতা তথা -সমাজকৰ্মী ইমদাদ আলীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায়৷৷আনহাতে গল্পকাৰ মৃন্ময় ভূঞা,উত্তম ডেকাৰ লগতে বহুকেইজন গণ্য মান্য ব্যক্তি উক্ত গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে৷বৰ্তমান গুৱাহাটীত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাৰ বিপণীসমূহত ’শিশু নাট্য সম্ভাৰ’ গ্ৰন্থখন উপলব্ধ হ’ব বুলি জানিব পৰা গৈছে৷