দাপোন
বনজিত দাস
ৰিহাবাৰী , বজালী
দাপোনৰ প্ৰতিচ্ছবিত জীৱনৰ বন্তি
লুকাই থাকে নিজস্বতাৰ সঁফুৰা,
নিকা-স্বচ্ছ মুখাৰ অন্তৰালত
সময়ৰ বুকুত জাগি থাকে
এটা অচিনাকি “মই” -ৰ ঠিকনা ।
যিটোত লুকাই থাকে সৎসাহস
গভীৰ এক সত্বাৰ দীপ্তি
তাতেই বিচাৰি পায়
জীৱন ধাৰাৰ পৰিপূৰ্ণ তৃপ্তি
নীৰৱে গঢ়ে এটা গতি
আশাৰ জ্যোতি ।
দুৰ্বলতাৰ দাপোনত অদৃশ্য শক্তি
গলগ্ৰহত থাকে বন্দী,
তেতিয়াই জন্ম লয় অন্তৰত
ভয় আৰু সঙ্কোচৰ সন্ধি ।
ব্যক্তি মাত্ৰেই দাপোন চোৱা অনৰ্থক
যদি অন্তৰ নহয় দৃঢ়,
জীৱনৰ প্ৰতিটো সংঘাতত
নিৰ্ভীক মনোবলেই সৰ্বশ্ৰেষ্ঠ অস্ত্ৰ ।
