দহালী কৰ্কা হাইস্কুলত ব্যাপক উৎসাহ-উদ্দীপনাৰে শিক্ষক দিৱস উদযাপন

দহালী কৰ্কা হাইস্কুলত ব্যাপক উৎসাহ-উদ্দীপনাৰে শিক্ষক দিৱস উদযাপন,অৱসৰপ্ৰাপ্ত শিক্ষকৰ জলন্ত সমস্যাৰ ওপৰত আলোকপাত অনন্ত ৰাম নাথৰ

মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে দক্ষিণ কামৰূপৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় তথা শৈক্ষিক প্ৰতিষ্ঠানসমূহত আজি পবিত্ৰ শিক্ষক দিৱস উপলক্ষে এক ব্যাপক উৎসাহ-উদ্দীপনাময় পৰিৱেশ দেখা যায়। এই উল্লাসৰ মাজতে স্থানীয় দহালী কৰ্কা হাইস্কুলতো পবিত্ৰ শিক্ষক দিৱসটি অতি গাম্ভীৰ্যপূৰ্ণভাৱে উদযাপন কৰা হয়।বিদ্যালয়খনত আয়োজিত শিক্ষক দিৱসৰ বিশেষ সভাখনত সভাপতিত্ব কৰে বিশিষ্ট ব্যক্তি যোগেশ্বৰ নাথে। উক্ত সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অনন্ত ৰাম নাথ আৰু অশ্বিনী কুমাৰ তালুকদাৰ। ইয়াৰোপৰি বিদ্যালয়ৰ সহকাৰী শিক্ষক অমৃত চন্দ্ৰ নাথ আৰু দিপীকা চৌধুৰীয়েও সভাত উপস্থিত থাকি সাৰুৱা ভাষণ প্ৰদান কৰে।আজি পুৱাৰে পৰা বিদ্যালয় প্ৰাংগনত স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বালনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্নধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে গীত-মাত আৰু আধুনিক নৃত্য পৰিৱেশন কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।সভাৰ ভাষণ প্ৰসংগত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অনন্ত ৰাম নাথে শিক্ষক সমাজৰ লগতে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক পবিত্ৰ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰ লগতে তেওঁ নিজৰ ভাষণত অৱসৰ গ্ৰহণৰ পাছত শিক্ষকসকলে সমাজ তথা চৰকাৰী স্তৰত ভুগিবলগীয়া হোৱা বিভিন্ন জলন্ত সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে। এই গুৰুত্বপূৰ্ণ বাৰ্তা আৰু ছাত্ৰ-ছাত্ৰীৰ সঁহাৰিৰে বিদ্যালয়খনৰ শিক্ষক দিৱসৰ কাৰ্যসূচীৰ সফল সামৰণি পৰে।