দশভূজা
পৰম দেৱী তুৱা আমাৰ,
তোই বাবে ললিত ইহ সংসাৰ৷
জল বাৰিধি পৱন তৰু,
সৱৰ পহু তুৱা আধাৰু৷
পেখি মই তোই ললিত বদন,
হৰমি হৈলন্ত মেৰি মন৷
কতিভাগা পাই যেন তব দৰশন,
সৱাৰো শক্তি তুৱা সৱাৰো ধন৷
দুৰ্গতি অপশক্তি তুৱা বাধক,
ভয়ো চিত্তৰ তুৱা ঘাতুক৷
শ্ৰী ৰামচন্দ্ৰই তব কৰহ পূজা,
পৰম দেৱী তুৱা দশভূজা৷
আছন্ত তুৱাৰ নৱ অংশধৰ,
দুৰ্গতি বাধক তুৱা জগতৰ৷
মহিষাসুৰ বৰ পাই হৈল অধৰ্মী,
দেৱতাৰ সংকট তথা বৈৰী৷
অৱনিশি উৎপাত মহিষাসুৰৰ,
ভয়ো চিত্ত দেৱতাৰ সৱৰ৷
দুৰ্গা আৱত ইহ সংকট কালত,
ত্ৰিশূল শৰ ধনু তব কৰত৷
মহীষে বোলন্ত তুৱাক সুন্দৰী,
হৈলন্ত প্ৰমন্যু এহি বাক্য শুনি৷
কৰহ যুদ্ধ তুৱা ধৰমৰ পক্ষে,
বিদাৰিলা মহীষক ত্ৰিশূল হন্তে৷
হে মাতৃ মঞি নিতিশ অজ্ঞান বালক,
তব চৰণত মঞি অধম সেৱক৷
হে মা দুৰ্গা অহৰহ কৰহ ৰক্ষণ,
কৰহ মংগল জগত আৰু সৱৰ মন৷
–নিতিষ্মান দাস, অষ্টম শ্ৰেণী
বিঃ দ্ৰঃ মা দুৰ্গাৰ প্ৰতি ভক্তি জনাই কবিতাটি লিখা হৈছে৷ কবিতাটিত ব্ৰজাৱলী ভাষাৰ শব্দৰ প্ৰয়োগ কৰাৰ প্ৰয়াস কৰা হৈছে৷ ভুল-ক্ৰুটিবোৰ আঙুলিয়াই দি মোক সঠিক পথৰ সন্ধান দিয়ে যেন৷ পাঠক সকলে আদৰি ললে, মোৰ চেষ্টা সাৰ্থক হ’ব৷