দক্ষিণ গুৱাহাটী মণ্ডলত বিজেপিৰ সাংগঠনিক শক্তি বৃদ্ধিৰ বাবে আহ্বান মৃগেন শৰণীয়াৰ

দক্ষিণ গুৱাহাটী মণ্ডলত বিজেপিৰ সাংগঠনিক শক্তি বৃদ্ধিৰ বাবে আহ্বান মৃগেন শৰণীয়াৰ

অনলাইন বাৰ্ত্তাসেৱা– বিজেপি দক্ষিণ গুৱাহাটী মণ্ডলৰ তৃতীয়খন কাৰ্যনিৰ্বাহক সভা মহানগৰীৰ ছাউথ পইণ্ট স্কুল লাইেব্ৰৰীত অনুষ্ঠিত হয়। বিজেপি দক্ষিণ গুৱাহাটী মণ্ডলৰ সভাপতি শক্তি সিঙে সভাত সভাপতিত্ব কৰে। সাধাৰণ সম্পাদক অনন্ত ৰাভাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। গুৱাহাটী পৌৰনিগম নিৰ্বাচনত যাতে দক্ষিণ গুৱাহাটী মণ্ডলৰ অন্তগৰ্ত প্ৰতিজন ৱাৰ্ড পাৰিষদক বিপুল ভোটত জয়যুক্ত কৰি আনিব পাৰে তাৰ বাবে সাংগঠনিক দিশ অধিক শক্তিশালী কৰিবলৈ মৃগেন শৰণীয়াই আহ্বান জনোৱাৰ লগতে বিগত অনুষ্ঠিত হৈ যোৱা গুৱাহাটী পৌৰনিগম নিৰ্বাচনৰ বিষয়ে ব্যাখ্যা কৰে। দক্ষিণ গুৱাহাটী মণ্ডলৰ উপ-সভাপতি কৃষ্ণা দাসে শোক প্ৰস্তাৱ পাঠ কৰাৰ পাছত তেওঁলোকৰ আত্মাৰ চিৰশান্তি কামনা কৰি সভাই ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। দক্ষিণ গুৱাহাটী মণ্ডলৰ সম্পাদক বৃজেশ ৰয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আঁচনি আৰু পদক্ষেপৰ বিষয়ে আলোকপাত কৰি ধন্যবাদ সূচক প্ৰস্তাৱ আগবঢ়ায়। অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় কুমাৰ গুপ্তাই ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ আৰু ইয়াৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে। উপ-সভাপতি ভৱেশ সৰকাৰে দক্ষিণ গুৱাহাটী মণ্ডলৰ সাংগঠনিক দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোকপাত কৰে। দক্ষিণ গুৱাহাটী মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী নিৰুপমা উজীৰে দলীয় সাংগঠনিক দিশ আৰু মহিলা মৰ্চাৰ বিগত দিনৰ কাৰ্য বিৱৰণী কৰে। দক্ষিণ গুৱাহাটী মণ্ডল কিষাণ মৰ্চাৰ সভাপতি কমল নাথে বিগত দিনৰ কাৰ্য বিৱৰণী কৰে। স্বগীয়াৰীয়ে বছৰেকীয়া প্ৰতিবেদন পাঠ কৰে।

(R.T)