দক্ষিণ কামৰূপৰ সাতপখলী গাঁও উন্নয়ন সমিতিৰ ৫০ বছৰীয়া বৰ্ষপুৰ্ত্তি অনুষ্ঠান

দক্ষিণ কামৰূপৰ সাতপখলী গাঁও উন্নয়ন সমিতিৰ ৫০ বছৰীয়া বৰ্ষপুৰ্ত্তি অনুষ্ঠান

মিৰ্জা, ৰঙিলী বাৰ্ত্তাসেৱা-  দক্ষিণ কামৰূপৰ এখনি বৃহৎ গাঁও সাতখলীৰ কেইগৰাকীমান সমাজ সচেতন ব্যক্তিয়ে ১৯৭৩ চনত জন্ম দিয়া সাতপখলী গাঁওৰ অন্যতম প্ৰশাসনীয় সমিতি সাতপখলী গাঁও উন্নয়ন সমিতিয়ে এইবেলি ৫০ বছৰ সম্পুৰ্ণ কৰিলে। এই উপলক্ষে ৰাতিপুৱাৰ পৰা বিভিন্ন মাংগলিক অনুষ্ঠানেৰে বৰ্ষপুৰ্ত্তি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ৰাতিপুৱা স্বচ্ছ অভিযান উদ্বোধন কৰে গাঁও প্ৰধান দিপক ঠাকুৰীয়া আৰু জয়ন্ত কুমাৰ দাসে। পতাকা উত্তোলন কৰে উপ সভাপতি হিৰেন চন্দ্ৰ ঠাকুৰীয়াই| অনুষ্ঠানত জগদীশ প্ৰসাদ দাসৰ কথা আৰু লৱকুমাৰ দাসৰ কথাৰে এটি সমৱেত সং গীত পৰিৱেশন কৰে। সমাজৰ হকে প্ৰাণ আহুতি দিয়া স্বনামধন্য ব্যক্তিসকলোৰ স্মৃতিত স্মৃতি তৰ্পণ কৰে সভাপতি জগদীশ প্ৰসাদ দাসে। গছপুলি ৰোপন কৰে সমাজকৰ্মী নাৰায়ণ কুমাৰ দাসে। সাতপখলী গাঁও উন্নয়ন সমিতিৰ লগত জড়িত স্বৰ্গগামী ব্যক্তি সকলোৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ উদ্বোধন কৰে উপদেষ্টা প্ৰদিপ মালী আৰু সাতপখলী গাঁওৰক্ষী বাহিনীৰ সভাপতি প্ৰণৱ কুমাৰ দাসে। অনুষ্ঠানৰ লগত সংগতি ৰাখি ধৰ্মীয় অনুষ্ঠান গীতাশাস্ত্ৰ পাঠ কৰে ভকত অৰেন দাস আৰু প্ৰৱীন ঠাকুৰীয়াই সমিতিৰ কাৰ্যালয়ত উপ সভাপতি হিৰেণ ঠাকুৰীয়াৰ সভাপতিত্বত দুপৰীয়া এখনি মুকলি সভা অনুষ্ঠিত কৰা সভাখন উদ্বোধন কৰে মহন্ত ঠাকুৰীয়াই| সন্ধিয়া বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী ৰামপ্ৰসাদ দাসে। ইয়াৰ পিচতে দৰংৰ বিষ্ণুপ্ৰিয়া মহিলা নাগাৰা নামৰ দলে নাম পৰিৱেশন কৰে। নাম পৰিৱেশন উদ্বোধন কৰে সাতপখলী গাঁও উন্নয়ন সমিতিৰ সম্পাদক হৰকুমাৰ দাসে।