থাইলেণ্ডৰ বিমানবন্দৰক জোকাৰি যায় কাৰখানাত হোৱা এক ভয়ংকৰ বিস্ফোৰণে

pc India Today.jpg

অনলাইন বাৰ্ত্তাসেৱা – থাইলেণ্ডৰ বেংককৰ উপকণ্ঠত অৱস্থিত এটা কাৰখানাত হোৱা এক প্ৰচণ্ড বিস্ফোৰণে “সুৱৰ্ণভূমি বিমানবন্দৰ”ৰ এটা টাৰ্মিনেল কঁপাই তুলিছিল। ফেন (Foam) আৰু প্লাষ্টিকৰ পেলেট নিৰ্মাণ কাৰখানাত সংঘটিত হোৱা বিস্ফোৰণৰ পিছত অঞ্চলটোৰ বাসিন্দাসকলক স্থানান্তৰ কৰা হৈছিল। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ বাবে কাম কৰি আছে। কৰ্তৃপক্ষৰ পৰা জানিব পৰা গৈছে যে ৰাসায়নিক পদাৰ্থ সৰকি(Leak) যোৱাৰ ফলত অধিক বিস্ফোৰণ হোৱাৰ সম্ভাৱনা আছে।

(UD.)