ত্ৰিৰঙ্গা ধ্বজা
উৰিছে উৰিছে ত্ৰিৰঙ্গা ধ্বজা,
দেশৰ চূকে-কোণে উৰিছে।
একোৱেই বাকী থকা নাই।
কি ঘৰ,কি বিদ্যালয়,
কি অফিচ, কি বাহন,
সকলোতে ত্ৰিৰঙ্গা ধ্বজা।
অবাল-বৃদ্ধ-বনিতা
কোনোৱেই পিছ পৰি ৰোৱা নাই,
ত্ৰিৰঙ্গাৰ জয় গান গাবলৈ।
ভাৰত মাতাৰ জয়ধ্বনি দিবলৈ।
স্বাধীন দেশৰ স্বাধীন নাগৰিকে
স্বাধীনতা দিৱস পালন কৰিবলৈ
হিল দল ভাঙি আহিছে ওলাই
হাতে হাতে ত্ৰিৰঙ্গা ধ্বজা।
দশোদিশে মুখৰিত হৈছে
ত্ৰিৰঙ্গাৰ জয় গান….
জয় ত্ৰিৰঙ্গা আমাৰ জয়।
ময়ূৰাক্ষী গগৈ