ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় সভাকক্ষত মনোজ্ঞ বক্তৃতানুষ্ঠান অনুষ্ঠিত

Pc Wikipedia

ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় সভাকক্ষত মনোজ্ঞ বক্তৃতানুষ্ঠান অনুষ্ঠিত

ৰঙিলী বাৰ্ত্তাসেৱা-   বুধবাৰে দিনৰ ৯ বজাৰপৰা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় সভাকক্ষত অসমীয়া বিভাগৰ উদ্যোগত এখনি মনোজ্ঞ বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈ যায়৷বক্তৃতাৰ বিষয় আছিল ” বিশ্বায়নৰ প্ৰেক্ষাপটত আঞ্চলিক ভাষা”৷ ভাষা অধ্যয়নৰ জ্যেষ্ঠ্য প্ৰকল্প বিষয়া শ্ৰীযুত প্ৰবীন কাকতী দেৱে প্ৰদান কৰা এই বক্তৃতাটিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক প্ৰথম ষাণ্মাসিকৰ পাঠ্যক্ৰমৰ সহায় হোৱাকৈ তথা ছাত্ৰছাত্ৰীসকলৰ মাজত অসমীয়া ভাষাৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত নব্য মাধ্যম তথা বিশ্বায়নে কেনেকৈ প্ৰভাৱান্বিত কৰিছে আৰু ইয়াৰ লগত সংগতি ৰাখি আমি কিদৰে ভাষাটোৰ চৰ্চা কৰিছোঁ, নব্য মাধ্যমৰ খাপখোৱাকৈ ইয়াক প্ৰস্তুত কৰি তুলিছোঁ তথা ছাত্ৰছাত্ৰীসকল কিদৰে ইয়াৰ লগত প্ৰত্যক্ষভাৱে জড়িত হ’ব পাৰে এই সম্পৰ্কত এটি সজাগতামূলক বক্তৃতা প্ৰদান কৰে৷ আনকি ছাত্ৰছাত্ৰীসকলৰ একাংশই এনে বিশ্বায়ন পৰিপ্ৰেক্ষিতত দিনকদিনে বাঢ়ি অহা নব্য মাধ্যমসমূহৰ উপযোগী হোৱাকৈ কেনেকৈ নিজকে আত্মনিয়োগ কৰিব পাৰে, অনুবাদ আৰু অসমীয়া ভাষাৰ ডিটিপি, বৰ্ণাশুদ্ধি ইত্যাদি বৃত্তি হিচাপে গ্ৰহণ কৰিব পাৰে তদুপৰি বিভিন্ন ভাষা সম্পৰ্কীয় প্ৰকল্পৰ সৈতে জড়িত হৈ নিজৰ ভাষাটোৰ বিশ্বায়নৰ লগত খাপখোৱাকৈ প্ৰতিষ্ঠা কৰিব পাৰে এই সম্পৰ্কেও কেইটাও লাগতিয়াল দিশ ছাত্ৰছাত্ৰীৰ মাজত ফঁহিয়াই দেখুৱাই তেওঁলোকক উৎসাহিত কৰে৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অজিত হাজৰিকাই উদ্ধোধন কৰা বক্তৃতানুষ্ঠানটোত মহাবিদ্যালয়ৰ কেইবাটাও বিভাগৰ জ্যেষ্ঠ অধ্যাপকসকল উপস্থিত থাকে বুলি মহাবিদ্যালয়ৰ তৰফৰপৰা আমাক জানিবলৈ দিছে৷