তোমাৰ স’তে বাটকুৰি যাওঁতে – যমুনা দুলু বৈশ্য

তোমাৰ স’তে বাটকুৰি যাওঁতে
যমুনা দুলু বৈশ্য, শুৱালকুছি
কৃষ্ণচুড়াৰ ৰঙচোৱা
ৰাঙলী হাঁহিৰ পৰশত
আপোন পাহৰা হৈ নাচে মনটি  ।
তোমাৰ স’তে বাটকুৰি যাওঁতে
নীলিম আকাশৰ ৰামধেনু বুলীয়া
ৰং খিনি অংকুৰিত হৈ চৌপাশ  ।
ৰঙা ৰঙেইতো হৃদয়ত
আঁকে প্ৰেৰণাৰ উৎস
স্বপ্নাতুৰ উন্মনা হৈ নাচে তেজৰঙা ।
জুইয়ে পোৰা জিলিকনিৰে
সেন্দুৰীয়া আশাবোৰ বুকুত বান্ধি
নিশাৰ শেতেলীত ৰহণ বুলাই স্মৃতিৰ ৰোমান্স ।
আকাশে ,বতাহে বিলাই দিয়ে
প্ৰতিটো দিনৰ মায়াসনা পৃথিৱীৰ বতৰা
অনুভূতি বোৰেও উশাহ লয় আপোন বতৰা  ।
ৰঙীণ ৰঙেৰে ৰঞ্জিত হওঁক
হিয়াৰ প্ৰতিটো কোণত
স্নিগ্ধ অনাবিল  ভালপোৱা  প্লাৱন ।