তোমাৰ পলসুৱা খোজৰ উকমুকনি – পুলিন ডেকা

pc ShareChat

তোমাৰ পলসুৱা খোজৰ উকমুকনি

– পুলিন ডেকা

শৰতৰ জোনাকী ছাঁত
তোমাৰ পলসুৱা খোজৰ উকমুকনি
বহু সন্ধ্যা বুকুত লুকুৱাই এই নদীৰ
সোঁত হৈছিলোঁ

পলসত লুকাই থকা সোণগুটি বিচাৰি
হাতবোৰ সেউজ কৰিছিলোঁ
নাজানো কাৰ মুঠিত লুকাই থাকিল
শৰৎ বন্দনাৰ গান
শেৱালিৰ সৌৰভৰ নীলাভ চকুহাল

সেইবোৰ দিনৰ মই জীৱন্ত সোঁৱৰণ
কলিজাৰ কেঁচা তেজত তিতি থকা
অহৰহ মূর্ছনাৰ যন্ত্ৰণা

শৰতৰ আলিবাটে দি যোৱা ঠিকনাৰে
পুনঃ আহিবা
মই যি ঠাইত ৰৈ থাকিম
সেয়া ভগা মথাউৰিৰ সপোনৰ ঘৰ
কঁহুৱাৰ নিজান বাকৰি

অবর্তমানত থকা সকলো অভিলিপ্সা
এটা সাঁথৰ নহ’বও পাৰে

এটা বিব্ৰত হাঁহিত জঠৰ পৰিব নোৱাৰে
শৰতৰ নিৰ্মাষিত অনুভূতি
বহু কবিৰ কবিতাৰ আবেলিত শৰতৰ শব্দ
দেখিছো। খোজত গভীৰ হোৱা এন্ধাৰত
কাৰ কঁপনিত সাৰ পাইছে
শৰতে দি যোৱা শেৱালিসনা দোভাগ ৰাতিয়ে।