তোমাৰ দেউতা হোৱাৰ দুখ ~ ফখৰুদ্দিন আহমেদ

PC_SUNDAYGURDIAN

তোমাৰ দেউতা হোৱাৰ দুখ
~~~~~

ফখৰুদ্দিন আহমেদ

তোমাৰ দেউতা হোৱাৰ দুখটোৰ বাবেই
মকৰাজালৰ দুৰাৰোগ্যতাত পাহাৰ বগাইছো

মানুহবোৰক তুমি জনাইছিলা
সেই দুখটোই কি কাৰনে
খুলি খুলি খাইছিল
তোমাক
আমাৰ ঘৰৰ সকলোৱে বিনিদ্ৰ ৰজনি কটোৱাই নহয়,
বিনিদ্ৰতাত লিপিট খাই পৰিছে আমাৰ প্ৰাৰ্থনা গৃহটো
ভগৱান আজি অপেক্ষাৰত
কেতিয়াকৈ বাৰু দুখৰ শনি গ্ৰহত
শুই পৰিব আমাৰ মনৰ গীতা , ভাগৱত , কোৰান আৰু বাইবেল

তুমি চুকাফাৰ দৰে বগোৱা বাই যোৱা পাটকাই পৰ্বত আমাৰ বাবে দুৰ্বোধ্যই নহয় দু্ৰ্গমো
তোমাৰ দেউতা হোৱাৰ দুখটিয়ে সেয়েই হয়তো খেদি ফুৰিছে অনবৰতে

মোৰ তেজবোৰ তোমাৰ বুকুৰ বঙ্গোপ সাগৰত বিলীন হ’লেই
তুমি মোৰ বাবে চিন্তিত হোৱাৰ সকাম নাই এতিয়া,
আমাৰ ঘৰৰ চৌপাশে এতিয়া কান্দোন আৰু উচুপনিৰ শব্দহীন যন্ত্ৰনা
যি যন্ত্ৰনাত তোমাৰ দেউতা হোৱাৰ দুখবোৰে পিয়াপি দি ফুৰে

তোমাৰ দেউতা হোৱাৰ দুখৰ বাবেই মই জীৱনৰ দুৰনি পাহাৰত বগাইছিলো
শিকিছিলো মাঁৰ যন্ত্ৰনাৰ গৰ্ভত থিতাপি লোৱাৰ সুখ

সেই সুখে সম্প্ৰতি মোক খেদি ফুৰিছে
তোমাৰ দেউতা হোৱাৰ দুখত মোৰ দেহত মকৰাজাল খনে বাৰুকৈয়ে মেৰিয়াইছে

দুখৰ সাগৰত হেঙুলীয়া বেলিৰ অভ্ৰভেদি মাদকতাত বাঢ়ি আহিছে মোৰ সপোন ভঙাৰ মন্ত্ৰনা

তোমাৰ দেউতা হোৱাৰ দুখটিৰ বাবেই তোমাক মই ভালপাও
মাঁৰ গৰ্বিত গৰ্ভত মই হ’বলৈ গৈ আছো দিগ্বিজয়ী অভিমন্যু