তেলেংগানা বিজেপি নেতা জ্ঞানেন্দ্ৰ প্ৰসাদক নিজ বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ

Pc NDTV.com

তেলেংগানা বিজেপি নেতা জ্ঞানেন্দ্ৰ প্ৰসাদক নিজ বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  তেলেংগানা বিজেপিৰ নেতা জ্ঞানেন্দ্ৰ প্ৰসাদক মিয়াপুৰৰ নিজ বাসগৃহত ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে। “আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। বিগত কিছুদিনৰ পৰা তেওঁ নিজৰ পেণ্টহাউচতে আছিল।” থানাৰ সীমাৰ ভিতৰত এজন ব্যক্তিৰ আত্মহত্যাৰ ফলত মৃত্যু হোৱা বুলি মিয়াপুৰ আৰক্ষীয়ে তথ্য লাভ কৰাৰ পিছতে এই কথা প্ৰকাশ পাইছে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় চৰকাৰী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। চিআৰপিচিৰ ১৭৪ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।