তেজত ইউৰিক এচিড বৃদ্ধি (গাউট)- ডাঃ বিজিতা চুতীয়া

pc RxList

তেজত ইউৰিক এচিড বৃদ্ধি (গাউট)

আপোনাৰ বাৰু ভৰিৰ বুঢ়া আঙুলিত হঠাতে বিষ অনুভৱ হৈছে নেকি? ইয়াৰ উপৰি বিষ হোৱা স্থানত যদি ৰঙা পৰিছে বা গৰম হৈছে তেন্তে সাৱধান হোৱা উচিত।

এয়া ‘গাউট’ নামৰ একপ্ৰকাৰ আথ্ৰাইটিছ অৰ্থাৎ গাঁঠিৰ ৰোগ য’ত গাঁঠিৰ বিষ হোৱাৰ লগতে গাঁঠি ফুলি উঠে। তেজত ইউৰিক এচিড বাঢ়ি গৈ তাৰ দানাবোৰ ভৰি বা হাতৰ গাঁঠিবোৰত জমা হৈ বিষ কৰা অৱস্থাটোকে ‘গাউট’ নামেৰে জনা যায়। শকত মানুহৰ এই ৰোগ বেছিকৈ হয়।

আয়ুৰ্বেদত ‘গাউট’ক ‘বাতৰক্ত’ নামেৰে জনা যায়। ইয়াক বাতশোণিত, আঢ়্যবাত, বাতবলাস, খুডবাত আদি নামেৰেও জনা যায়।

তেজত ইউৰিক এচিড বৃদ্ধিৰ কাৰণসমূহ :

১) অত্যধিক প্র’’টিনযুক্ত আহাৰ গ্ৰহণ কৰা

২) মদ, মাংস আদিৰ অত্যধিক সেৱন

৩) অসন্তুলিত আহাৰ-বিহাৰ

৪) ব্যায়াম আৰু পৰিশ্ৰমৰ অভাৱ

৫) মেদবহুলতা

৬) অত্যধিক শোক, চিন্তা, খং, উদ্বেগ ইত্যাদি মানসিক কাৰণ

৭) অত্যধিক তীক্ষ্ণ, মচলাযুক্ত, টেঙাজাতীয় খাদ্য সেৱন

৮) কেতিয়াবা কিডনীৰ সমস্যাৰ বাবে কিডনীয়ে বাহিৰলৈ উলিয়াই দিব লগা ইউৰিক এচিড উলিয়াই দিবলৈ অক্ষম হয়। ফলত শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পায়।

ইউৰিক এচিড বৃদ্ধিৰ লক্ষণসমূহ :

১) হঠাতে গাঁঠিবোৰত বিষৰ আৰম্ভ হোৱা

২) গাঁঠি ফুলি উঠা

৩) আক্রান্ত স্থানত গৰম অনুভৱ

৪) আক্রান্ত স্থান ৰঙা পৰা

৫) আক্রান্ত স্থানত স্পৰ্শ কৰিলে অত্যধিক বিষ হোৱা

৬) জ্বৰ উঠা ইত্যাদি

কেনেকৈ আমাৰ শৰীৰত ইউৰিত এচিড বৃদ্ধি পায় :

অত্যধিক প্ৰ’টিনযুক্ত খাদ্য যেনে- বিভিন্ন প্ৰকাৰৰ ৰেড মীট, ছয়াবিন, ৰেড ৱাইন, প্ৰছেছড ছীজ, ৰাজমা, মাশ্বৰুম, মচুৰ দাইল, বিলাহী, পালেং, ফুলকবি ইত্যাদি সেৱনৰ ফলত তেজত যেতিয়া ইউৰিক এচিড আৰু ছ’ডিয়াম ইউৰেটছৰ মাত্রা বৃদ্ধি পায়, তেতিয়া ইউৰিক এচিডৰ ক্ৰিষ্টেলসমূহ গাঁঠিৰ খালী স্থানবোৰত জমা হ’বলৈ ধৰে। ইউৰিক এচিডৰ অত্যধিক বৃদ্ধিৰ ফলত গাঁঠিবোৰ ফুলি উঠে, গৰম হয়, জ্বলা-পোৰা হোৱাৰ লগতে বিষ হ’বলৈ লয়।

ইউৰিক এচিড বৃদ্ধিৰ ফলত হোৱা গাউটৰ আৰম্ভণি মুখ্য ৰূপত সৰু গাঁঠিবোৰ বিশেষকৈ ভৰিৰ বুঢ়া আঙুলিত হয়। গাঁঠিৰ ভিতৰত থকা ছাইনভিয়েল ফ্লুইডত (Sinuvial fluid) ইউৰিক এচিডৰ ক্ৰিষ্টেলসমূহ জমা হোৱাৰ ফলত ফুলি উঠে। ভৰিৰ বুঢ়া আঙুলিৰ পৰা এই ৰোগ লাহে লাহে আঁঠু, কিলাকুটি, হাতৰ আঙুলি আদিত বিয়পি পৰে।

গাউটৰ ডায়েগন’ছিছ :

১) ব্লাড টেষ্টৰ জৰিয়তে তেজত ইউৰিক এচিডৰ পৰিমাণ জোখা হয়।

২) এক্স-ৰে

গাউটৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় :

১) অত্যধিক প্ৰ’টিনযুক্ত আহাৰ সেৱন নকৰিব।

২) সকলো ধৰণৰ তীক্ষ্ণ, মচলাযুক্ত, টেঙাজাতীয়, চর্বিযুক্ত খাদ্য পৰিহাৰ কৰক।

৩) ৰেড মীট, মদ, ধূমপানৰ পৰা বিৰত থাকক।

৪) অত্যধিক নিমখ নাখাব।

৫) গাখীৰ তথা গাখীৰৰ পৰা তৈয়াৰী খাদ্য যেনে– দৈ, পনীৰ ইত্যাদি বৰ্জন কৰক।

৬) ঠাণ্ডা পৰিৱেশৰ পৰা আঁতৰত থাকক।

৭) নহৰু, আদা, জিৰা, ধনিয়া, ছ’ফ, ইলাচি, দালচিনিৰ ব্যৱহাৰ কৰক।

৮) ওজন নিয়ন্ত্ৰণৰ বাবে সন্তুলিত আহাৰ গ্ৰহণ কৰাৰ লগতে ব্যায়াম কৰক।

আয়ুৰ্বেদত গাউটৰ চিকিৎসা :

আয়ুৰ্বেদত এই ৰোগৰ বাবে বিভিন্ন ঔষধৰ লগতে পঞ্চকৰ্মৰ চিকিৎসা উল্লেখ কৰা হৈছে। পঞ্চকৰ্মৰ জৰিয়তে শৰীৰৰ শুদ্ধিকৰণ কৰা হয়। গাউটৰ বাবে উল্লিখিত ঔষধিসমূহ হৈছে—কৈশোৰ গুগুলু, বাতৰক্তান্তক ৰস, গুডুচী সত্ব, মহাবাতবিধ্বংস ৰস, মঞ্জিষ্ঠাদি ক্বাথ, সাৰিবাদ্যাৰিষ্ট ইত্যাদি। ইয়াৰ উপৰি সৈন্ধাবাদি তেল, মহাবিষগর্ভ তেল ইত্যাদি আক্রান্ত স্থানত মালিচ কৰিবলৈ দিয়া হয়।

ডাঃ বিজিতা চুতীয়া
বি. এ. এম. এছ., এম. ডি. ( আয়ুৰ)
আয়ুৰ্বেদিক বিশেষজ্ঞা