তৃষ্ণাতুৰ মই – মুন শৰ্মা

PC- Facebook dp

তৃষ্ণাতুৰ মই

মুন শৰ্মা, লখিমপুৰ

ভাগৰা নাই নাভাগৰো মই,
প্ৰতি পদে যদিও জীৱন আন্ধাৰ,
এমুঠি পোহৰৰ সন্ধান সদায়,
তাৰেই অপেক্ষাত প্ৰতিপল পদূলিতে ৰও।
দিন,মাহ,বছৰ বগৰি যায়,
পোৱা যদিও নাই সন্ধান,
পোৱাৰ ঠিকনা ও যে হাতত নাই,
মাত্ৰ বিশ্বাস ৰাখি আগুৱাও,
শেষ প্ৰান্তত উপনিত এদিন,
নিকট দূৰত্বত অৱস্থান এদিন।
বিশেষ বুলিব একো নাই,
মাত্ৰ জীৱন জীয়াৰ প্ৰবল পিয়াহ,
বিনন্দীয়া পৃথিৱীৰ অনুপম জীৱন,
এবাৰেই জনম নহয় বাৰে বাৰে,
পোহৰ নহলে অসাৰ জীৱন,
তৃষ্ণাতুৰ মনে নিদিয়ে যে কৰিব অসাৰ।।