তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰৰ আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে অপমানসূচক মন্তব্য

Pc Economic Times

তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰৰ আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে অপমানসূচক মন্তব্য

ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়াক অপমান সাংসদ মহুৱা মৈত্ৰৰ।তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰৰ আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে অপমানসূচক মন্তব্য।তৃণমূল কংগ্ৰেছৰ পশ্চিমবংগৰ কৃষ্ণনগৰ লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে কৰা এটা টুইটক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।সাংসদত ‘যৌন নিৰ্যাতন’ শব্দৰ সলনি ‘মিষ্টাৰ গগৈ’ ব্যৱহাৰৰ পৰামৰ্শ মহুৱা মৈত্ৰৰ।উল্লেখযোগ্য যে,১৮ জুলাইৰ পৰা সংসদৰ অধিৱেশন।অধিৱেশনৰ পূৰ্বে লোকসভাৰ সচিবলায়ে এক বুকলেট প্ৰকাশ কৰি অসংসদীয় শব্দৰ এক তালিকা প্ৰকাশ কৰিছিল।অসংসদীয় শব্দৰ তালিকা প্ৰকাশৰ পিছতে বিভিন্নজনে বিভিন্ন মন্তব্য প্ৰকাশ কৰাৰ মাজতে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰয়ো এই সিদ্ধান্তৰ বিৰোধিতাৰে এক টুইট কৰিছিল।টুইট যোগে মহুৱা মৈত্ৰই ছেক্সুৱেল হাৰাছমেণ্ট বা যৌন নিৰ্যাতন শব্দৰ পৰিপূৰক হিচাপে তেওঁ মি. গগৈ শব্দটো ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ জনালে।তৃণমূলৰ নেত্ৰীগৰাকীয়ে এইদৰে সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি অপমানসূচক মন্তব্য কৰাৰ পিছতে জাঙুৰ খাই উঠিছে অসমৰ জাতীয় সংগঠন।তেওঁৰ এই মন্তব্যৰ বাবে ক্ষমা বিচাৰিবলৈও দাবী উত্থাপন কৰিছে।