তুলনা
তুলনা কৰি পাইছেনে কেতিয়াবা? নিজকে আনৰ লগত । আমি তুলনা কাৰ লগত কৰোঁ ? আমি আমাতকৈ ভাল বা আমি যি জানো তাতকৈ বেছি জনা ব্যক্তিৰ লগতেই কৰোঁ । তুলনা কৰিব লাগে কেৱল আমাৰ বেয়া দিশ সমূহ আঁতৰ কৰিব কাৰণেই । নিজকে সৰু কৰিব কাৰণে নহয়। সকলো দিশতেই সকলো মানুহ পৰিপক্ক নহয়। ঠিক যেনেদৰে আমাৰ হাতৰ পাঁচটা আঙুলিও সমান নহয়। তুলনাই মানুহৰ মনত হিংসুখ ভাৱ জগাই তোলে। কেতিয়াবা আমি যিজনৰ লগত তুলনা কৰোঁ। সেই ব্যক্তিজনৰ লগত সম্পৰ্কও বেয়া হয়। তুলনা কৰি কোনো ব্যক্তি পৰিপক্ক হ’ব নোৱাৰে। যাৰ গাত যি গুণ আছে সেই ব্যক্তি সেই গুণেই বিশেষ।
সংযুক্তা দত্ত
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়