তুমি অভিমানী
✍️ভূষিতা কাশ্যপ
এন্ধাৰে আৱৰি ৰখা কোঠাটি! বাহিৰত ধাৰাষাৰ বতাহ বৰষুণ। জৰ্ণাৰ দুচকুৱে শূণ্যতাত বিলীন কৰিছিল। বৰষুণৰ চিটিকণিয়ে তাইৰ চকুপানীক নিচিহ্ন কৰি পেলাইছিল। শুকাই মৰহি যোৱা ৰঙা গোলাপ পাহি আৰু নিয়ৰৰ ফটোখন হাতত লৈয়ে উপভোগ কৰিছে তাই সেই নিজান নিশাৰ নিৰ্জনতা। নিজকে কিমানবাৰ সুধিব তাই যে আচলতে তাইৰ ভূল হ’ল কোনখিনিত? নিয়ৰৰ তাইলৈ এবাৰো মনত পৰা নাইনে? কেনেকৈ থাকিব পাৰে সি তাইক এনেকৈ অকলে এৰি আনৰ লগত? অতীতবোৰ কেনেকৈ মানুহে ইমান সহজে পাহৰিব পাৰে বাৰু ! চকু কেইটা বন্ধ কৰি অলসভাৱে বাগৰি পৰিল তাই চোফাখনতেই। শুম বুলি ভাৱোতেই আকৌ তাইৰ মনত দোলা দিলে তাৰ সতে কতোৱা জীৱনৰ সতেজ দিনবোৰ…..
জৰ্ণা- ইয়ে বৰষুণ! নিয়ৰ আহানা একেলগে তিতো। আস: কি যে মজা লাগিছে নহয়!
নিয়ৰ- বেমাৰ হোৱা পিছত মজা বাহিৰ হ’ব ৰবা। মইও তিতিবলৈ নেযাও আৰু তুমিও নোৱাৰা। আহা এতিয়াই ইয়ালৈ ।
জৰ্ণা- ধেই। অস্ ৰবা পাহৰিছিলো বান্দৰবোৰে যে বৰষুণত তিতিব নোৱাৰে।
নিয়ৰ- কি..কি ক’লা তুমি । ৰবা গৈ আছো।
” নিয়ৰক অহা দেখিয়েই জৰ্ণাই দৌৰিলে। নিয়ৰেও দৌৰি গৈ তাইক হাতত ধৰিব লওতেই তাই পৰি গ’ল। আৰু কান্দিব ধৰিলে।”
নিয়ৰ- ইচ্ ৰাম বহুত দুফ পালা নিকি? চাওঁ চাওঁ। নাকান্দিবাচোন ,একো হোৱাই নাই দেখোন কতো।
জৰ্ণা- মইহে জানো হৈছেনে হোৱা নাই। ভৰিখন ইমান বিষাইছে, তুমি কি বুজিবা?
নিয়ৰ- অস্ হয় দিয়া নুবুজো। বৰষুণত তিতাৰ জিদ নকৰিলে এইবোৰ হ’ল হৈ জানো! ব’লা এতিয়া সেইখিনিলৈ,উঠা ভালদৰে।
জৰ্ণা- মই খোজ কাঢ়িব নোৱাৰিম। প্লিজ কিবা এটা কৰানা।
নিয়ৰ- এতিয়া মানে এই গাভৰু ছোৱালীজনীক মই কোচত লৈ যাব লাগিল আৰুতো আন উপায়ো নাই। হে ভগৱান দায় -দোষ নধৰিলে হ’ল দেই।
জৰ্ণা – এহ থোৱা তোমাৰ কথা, নিবা নে এতিয়া?
নিয়ৰ- কি ছোৱালী উল্টাই মোকে দম দিয়ে। চাও ভালদৰে ধৰা নহলে আকৌ পৰিবা।
জৰ্ণা- হিহিহি….তুমি ইমান ভাল।
নিয়ৰ- ইমান সময় কান্দি থাকি এতিয়া ৰাক্ষসীৰ নিচিনা হাহিবলৈ আহিছা। নাটক কৰি আছিলা মানে।
জৰ্ণা- হুহ্ তাতে কি হ’ল? এনেকুৱা নকৰিলে যে আমি অলপ সময়ো একেলগে তিতিবই নাপালো হয়।
“তাইৰ কথা শুনি নিয়ৰৰ হাহি উঠিল আৰু ভালো লাগিল। বৰষুণজাকৰ মাজত তেনেকৈয়ে তাইক নি গাড়ীত বহুৱাই দিলে। তাই লাজ লাজ কৈ তাৰ পিনে চাইছিল আৰু তাইৰ এই লাজুকীয়া চাৱনিৱে তাক বাৰে বাৰে তাইৰ প্ৰেমত পেলাইছিল।
সময়বোৰ তেনেকৈয়ে পাৰ হৈছিল। তিতা-মিঠাৰ সোৱাদেৰে দূয়োৱে জীৱনৰ সুখ-দুখবোৰ একেলগে ভগাই লৈছিল। বৰষুণ ,জৰ্ণা, নিয়ৰ আৰু সিহতৰ মৰম ভালপোৱাবোৰ দিনে দিনে জীপাল হৈ গৈ আছিল। ”
নিয়ৰ- কোৱা কলৈ যাবা?
জৰ্ণা- তুমি যলৈ নিয়া।
নিয়ৰ- হয় নিকি,বলাতে কেফেত যাওঁ।
জৰ্ণা- তাত কি মুৰা কৰিব যাম?
নিয়ৰ- চিনেমা চাবই যাও বলা নহলে।
জৰ্ণা- এহ যোৱা তুমিয়ে মই নেযাও এইবোৰত।
নিয়ৰ- ধেই তোমালোক ছোৱালীবোৰৰ লগত কতো যাব খুজিবই নালাগে। নিজে কবা যলৈ নিয়া তাতেই যাম পিছত আকৌ ইয়াত নাযাওঁ, তাত নেজাও এইবোৰ।
জৰ্ণা- তোমালোক বুলি কলা যে ! মানে বেলেগৰ লগতো ফুৰিবলৈ যোৱা তুমি?
নিয়ৰ- উফ্ কিমান কাজিয়া কৰা আৰু। ব’লা এনেই ঘূৰাই লৈ ফুৰো অলৌ-টলৌকে।
জৰ্ণা- মোক কি বুলি ভাবিছা এনেই যে ঘূৰাই লৈ ফুৰিবা। কথা কবলৈ আহিছে।
নিয়ৰ- এনেকে যে কাজিয়া কৰি থাকা কেতিয়াবাতো মোক গোলাপ এটা দি আধুকাঢ়ি প্ৰপোজ কৰিব পাৰা।
জৰ্ণা- তুমি কি নাজানা নেকি তোমাক যে মই ভালপাওঁ! প্ৰপোজ আকৌ কিয় কৰিব লাগে?
নিয়ৰ- মই কৰিছিলো যে সেইকাৰণে।
জৰ্ণা- অ’ মানে তোমাক ৰিৰ্টান লাগে চব বস্তু। বুজিলো মোক ভাল নোপোৱা হ’লা।
নিয়ৰ- এহ হ’ল আৰু। এনেই কৈছো ব’লা যাও।
জৰ্ণা- ব’লা।
” যদিও সি এনেই কোৱা বুলি ক’লে তথাপিও তাইৰ মনত সেইটো কথাই থাকি গল। ঘৰলৈ গৈয়ে তাই ভাবিব ধৰিলে তাৰ কথা। আধা সময় পাৰ হ’ল আৰু শেষত তাই ভাবিলে এইবাৰ তাক লগ কৰিব যাওতে তাক প্ৰপোজ কৰিব। এটা মৰমলগা সৰু চাৰপ্ৰাইজ্ দিব। তেনেতে তাৰ মেচেজ আহিল…
নিয়ৰ- ঘৰ পালানে?
জৰ্ণা- পালো,তুমি?
নিয়ৰ- মইও পালো।
জৰ্ণা- অস্,শুনাচোন কথা এটা আছে।
নিয়ৰ- এটা কথা কম বুলি কয়চোন একেবাৰে মহাভাৰত এখন কৈ শেষ কৰি দিয়া।
জৰ্ণা- মানে তুমি মোক ঠাট্টা কৰিছা! ঠিক আছে একোৱেই নকও আজিৰ পৰা।
নিয়ৰ- নাই নাই..নাই কৰা। তুমি নকলে মই কাৰ কথা শুনিম?
জৰ্ণা- মিঠা লগাব আহিছা!
নিয়ৰ- ওহো, মিঠা লগালে যদি তোমাৰ চুগাৰ হয় তে বিয়াৰ পিছত মোৰে পইচা খৰছ হ’ব।
জৰ্ণা- হেই যোৱা,বাই।
নিয়ৰ- দিয়া কোৱা কি?
জৰ্ণা- মানে আমি কাইলৈ ফুৰিবলৈ যাম। উমম সেই যে ঘাটটো আছে তালৈ । বৰষুণ বতৰ ভাল লাগিব গৈ।
নিয়ৰ- হ’ব দিয়া। তুমি আহি আমাৰ বাছষ্টেণ্ডত নামিমা। একেলগে যাম।
জৰ্ণা- নালাগে আমি তাত গৈয়ে লগ হ’ম।
নিয়ৰ- কিন্তু কিয়?
জৰ্ণা- এনেই।
নিয়ৰ-সময় সলনি হ’ল। আগতে ওচৰত কৰবাত গলেও মোৰ বাবে ৰৈছিলা।
জৰ্ণা- হিহি সময়ে চব সলনি কৰিব কিন্তু আমাৰ এই ভালপোৱাক নহয়। এতিয়া শুৱা গুড নাইট। আই লাভ ইউ।
নিয়ৰ- হম,লাভ ইউ তু।
তাই বুজিলে তাৰ খং উঠিছে আৰু তাই তাৰ খং উঠাটোৱেই বিচাৰিছিল। তাৰ কথা ভাবিয়েই তাইও শুই গল পিছদিনা আকৌ লগ পাই সকলো স্বাভাৱিক হোৱাৰ আশাত। কিন্তু…..
“সময় সচাকৈ সলনি হ’ল! পিছদিনা জৰ্ণাই ঘাটলৈ গৈ তাৰ বাবে গোটেই দিনটো ৰৈ থাকিল কিন্তু সি তালৈ ন’গল।”
জৰ্ণা- আৰে নিয়ৰ ইমান সময় আহি নেপালে যে । সন্ধিয়া হলহি। কি কৰো এতিয়া?
“তাই তাক ফোন মেছেজ কৰিলে কিন্তু মোবাইল অফ্ পালে। মনতে বহুত ভয় লাগিল তাইৰ তাৰ কিবা বিপদ হোৱা বুলি। অৱশেষত তাৰ লগৰজনৰ পৰা গম পালে যে সি সিহতৰ লগতেই আছে। তাই নিমাত…এক স্বপ্নভংগ……….!সেইদিনাৰ পিছত তাই সদায় তালৈ বাট চাই,ফোন কৰে কিন্তু তাৰ কোনো ঠিকনা নেপায়। ”
———–
“নিশাবোৰ এনেকৈয়ে পাৰ হয় আজিকালি। তাৰ সপোনে আহি শুৱাই ,তাৰ সপোনে আহি জগাই।”
নেহা- অই জৰ্ণা কি হ’ল তোৰ?
জৰ্ণা- নাই একো নাই সপোন দেখিছিলো।
নেহা- অস্ দে ব’ল কলেজ যাও।
জৰ্ণা- উম।
“সেই সময়বোৰৰ কথা ভাবি তাই অস্থিৰ হয়। তাক বিচাৰে তাই কিন্তু কিয় সি..!
তাই আৰু তাইৰ ৰূমমেট নেহা দুয়োৱে একেলগে কলেজ যাব ওলাল । আৰু তেতিয়াই নেহাই তাইক বুজাব ধৰিলে।”
নেহা- যিজনে তোক একো তেনেকৈ ইগনোৰ কৰি তই বেয়া পোৱা ছোৱালী এজনীৰ লগত ঘূৰি ফুৰিছে তাৰ কাৰণে ইমান ভৱাৰ কি প্ৰয়োজন তোৰ?
জৰ্ণা- ভালপোৱাই প্ৰয়োজন-অপ্ৰয়োজনতাৰ কথা নুবুজে অ’ নেহা। মই তাক পাহৰিব খোজো কিন্তু নোৱাৰোঁ।
নেহা – তেন্তে এবাৰ মইয়ে তাৰ লগত কথা পাতি চাও নিকি? হঠাত যে কি হল এইবোৰ।
জৰ্ণা- নাই নালাগে।
নেহা-কিন্তু…
জৰ্ণা- প্লিজ।
“কিন্তু নেহাই তাইৰ কথা নুশুনিলে। আৰু নিয়ৰক লগ পাব বিচাৰিলে।”
ক্ৰি,ক্ৰি,ক্ৰি
নিয়ৰ- অ নেহা ক’।
নেহা- অই শুনচোন তোক এবাৰ লগ পাবলগীয়া আছিল।
নিয়ৰ- কিয়? যদি জৰ্ণাৰ কাৰণে লগ কৰিব বিচাৰিছ’ তেন্তে মই নোৱাৰিম।
নেহা- হেই নহয় অ’। বেলেগ এটা কথা আছে । আহিবিচোন দেই।
নিয়ৰ- ঠিক আছে দে।
” নিয়ৰে নেহাৰ বাবে ৰৈ আছিল। তাৰ দুচকুত শূণ্যতাই বিৰাজ কৰিছিল। তেনেতে নেহা আহি পালে।”
নেহা- অই কি খবৰ?
নিয়ৰ- আছো,ক’ এতিয়া কিয় মাতিছিলি?
নেহা- নিয়ৰ তই তাইৰ লগত কিয় এনেকুৱা কৰিলি?
নিয়ৰ- সেইজনীৰ কথা শুনাবলৈয়ে মোক ইয়ালৈ মাতিছিলি?
নেহা- তেনেকৈ কিয় কৈছ’? ইমান ভাল সম্পৰ্ক এটা এনেকৈ শেষ হৈ যাবলৈ নিদিবি।
নিয়ৰ- বিশ্বাসঘাতক এজনীৰ লগত মোৰ কোনো সম্পৰ্ক নাই।
নেহা- কিন্তু কি কৰিলে তাই?
নিয়ৰ- তাই মোক মিছা মাতি প্ৰিয়মক লগ কৰিবলৈ গৈছিল। সেইদিনা আমি ফুৰিবলৈ যোৱা কথা। যিজনী ছোৱালীয়ে মোক এৰি কলৈকো নেযায় সেইদিনা গুচি গ’ল এইপিনে মই একেখন বাছত যাব নোৱাৰাকৈ বেলেগ বাছত উঠিছিল। তাকে দেখি মই তাইৰ পিছত গৈ আছিলোঁ। তাই গম পোৱা নাছিলোঁ আৰু তাতেই দখিলো তাই প্ৰিয়মৰ লগত কথা পাতি আছে । যিজন লৰাৰ পৰা মই দূৰত থাকিব কৈছিলোঁ সেইজনৰ লগতেই মোক মিছা মাতি…চিঃ ।
নেহা- আৰে উফ্ । তই তাইক ভূল বুজিছ’।আচলতে…
নিয়ৰ- নাই বুজা ভূল। আচলতে যাক নিজতকৈয়ো বেছি ভাল পাইছিলো তাইয়েই মোক দুখ দিলে।
নেহা- আৰে পাগল তাই তোৰ বাবে সেইদিনা গোলাপ কিনিবলৈহে তাত গৈছিল। আৰু প্ৰিয়মৰ ঘৰ সেই তাতেই নহয় জানো! সিহে তাইক দেখা পাই মাত লগাইছিল। তোক তাই চাৰপ্ৰাইজ দিব বিচাৰিছিল নিয়ৰ।
নিয়ৰ- কি কৈছ’ এইবোৰ? মই কেনেকৈ বিশ্বাস কৰো তোৰ কথা?
নেহা- মোক নালাগে দে এই ফটোখিনি চা। হাতত মৰহি যোৱা গোলাপ আৰু তোৰ ফটোখন লৈ জৰ্ণা আৰু এইখিনি চা ডায়েৰীত লিখাখিনিৰ ফটো।
নিয়ৰ- নেহা মোৰ বহুত ডাঙৰ ভূল হৈ গ’ল। প্লিজ তাইক ঘূৰাই আন। ধেই কিয় এনেকুৱা কৰিলো মই!
নেহা- তোৰ জীৱনত চোন আন এজনী আছেই। জৰ্ণা ঘূৰি আহি কি কৰিব?
নিয়ৰ- হেই মই জৰ্ণাক জলাবলৈহে তাই বেয়া ছোৱালীজনীৰ লগত কথা পাতিছিলো।
নেহা- দুয়োজনৰে এই ফটুৱামি কৰোতেই জীৱন যাব । মই তাইক একো নকও তই নিজেই তাইৰ ওচৰলৈ যা।
নিয়ৰ- ঠিকেই কৈছ মই এতিয়াই যাও তাইৰ ওচৰলৈ। কিমান দিন হল তাইৰ মাততোৱেই শুনা নাই। ইমানদিনে বহুত দুখ দিলো তাইক।
“নিয়ৰে জৰ্ণাক লগ পাবলৈ তাইৰ ৰূমলৈ গ’ল। আৰু গৈয়ে সি তাইক শুই থকা দেখিলে। ভালপোৱাবোৰ যেন আৰু বাঢ়ি গল তাৰ।”
নিয়ৰ- জৰ্ণা অই উঠা আকৌ। মই আহিছো । চৰী বহুত দুখ দিলো তোমাক।
জৰ্ণা ,জৰ্ণা…আৰে কি হল উঠা আকৌ।
“নিয়ৰে তাইক জগাবলৈ বহু চেষ্টা কৰিলে কিন্তু তাই নুঠিল। তাইৰ হাতৰ মুঠিত এখন কাগজ সি দেখি খুলি চালে…
” তোমাক বহুত ভাল পাওঁ নিয়ৰ। তোমাক আনৰ হবলৈ দি মই সুখী হব নোৱাৰিব। কিন্তু জীয়াই থাকি তোমাৰ সুখ কাঢ়ি আনি মই স্বাৰ্থপৰো হব নোৱাৰিম। ক্ষমা কৰিবা…বাই।”
নিয়ৰৰ ভাষা নাছিল নাছিল চকুলো। তাইৰ হাতখন তাৰ হাতৰ মুঠিত লৈ মাথো সি থৰ হৈ ৰৈছিল। তাই আৰু নাই,সি মানি নলয়। তাক এৰি নোযোৱাৰ প্ৰতিশ্ৰুতি দিছিল তাই। সি আজি শূণ্য। কান্দিবলৈ তাৰ সাহস নাই! তাইৰ শেতা পৰা চকুজুৰিয়ে কেৱল কৈছিল তাক ভালপাওঁ তোমাক!তাৰ উওৰ মৌনতা।
ব্যস্থ মহানগৰী। তাৰ মাজতেই এটি নৈৰ ঘাট। নিয়ৰ বহি আছে তাতেই। আগতে সেই একেখিনি ঠাইতেই তাৰ কান্ধত মূৰ থৈ জৰ্ণা বহিছিল। সপোনবোৰ ভগাই লৈছিল।জীৱনে তাতেই পোখা মেলিছিল।
ষ্মৃতিবোৰে বৰকৈ আমনি কৰিছে তাক।
আজি সকলো আছে নাই মাথো জৰ্ণা..
নিয়ৰ- এখোপামান অভিমান লৈ গুচি গলা তুমি। এবাৰো নাভাবিলা মই কেনেকৈ থাকিম। তুমি অবিহনে সকলোবোৰ আধৰুৱা জৰ্ণা। তোমাক ভাল পাওঁ তুমি বিহীন মই তোমাৰ সেই মৰহা গোলাপপাহৰ দৰেই। তোমালৈ বৰকৈ মনত পৰিছে মোৰ। আজি বৰষুণজাকত অকলেই তিতিছো আহানা তুমিও একেলগে তিতো। অভিমানৰ সামৰণি কৰিব নোৱাৰিনে? ভালপোৱাবোৰ হয়তো এনেকুৱাই এজনৰ হৃদয়ত আৰম্ভণি হৈ আনজনৰ তাত শেষ হয়।
“অভিমানে আৱৰা হৃদয়। জৰ্ণা,নিয়ৰ..আৰু সময় গৈ আছিল একেলগে। ভূল বুজাবুজিবোৰ সময়ে উদঙাই দিলে কিন্তু অভিমানে মৰম নুবুজিলে।
আকাশখন ডাৱৰীয়া হবলৈ ধৰিছিল। নিয়ৰৰ দুচকুৱে আকৌ জৰ্ণাৰ লাজকীয়া চাৱনিৰ প্ৰমত পৰিছিল।