তীৰ্থনগৰী হাজোত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় শিক্ষক দিৱস উদযাপন

 

তীৰ্থনগৰী হাজোত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় শিক্ষক দিৱস উদযাপনঃঅনানুষ্ঠানিক শিক্ষাৰ জৰিয়তে মহাপুৰুষ শংকৰদেৱে আধ্যাত্মিক শিক্ষা প্ৰদান কৰিছিল — ভৱেন্দ্ৰ নাথ ডেকা
” জ্ঞানামৃত” শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন

অক্ষয় মেধি,হাজো,৫ ছেপ্টেম্বৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এগৰাকী শিক্ষক আছিল। যিজনা মহাপুৰুষে অনানুষ্ঠানিক শিক্ষাৰ জৰিয়তে নৈতিক আৰু আধ্যাত্মিক শিক্ষা প্ৰদান কৰিছিল — এই বক্তব্য শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ মুখ্য উপদেষ্টা ভৱেন্দ্ৰ নাথ ডেকাৰ। শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ শিক্ষা শাখা সমিতিৰ উদ্যোগত হাজো জিলা শাখাৰ ব্যৱস্থাপনাত আৰু হাজো সুৰেন দাস মহাবিদ্যালয়ৰ সহযোগত কেন্দ্ৰীয় শিক্ষক দিৱস উপলক্ষে আয়োজিত মুকলি সভা শুভ উদ্বোধন কৰি এনেদৰে বক্তব্য আগবঢ়াই শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ মুখ্য উপদেষ্টা ডেকাই। হাজো সুৰেন দাস মহাবিদ্যালয়ৰ মাধৱদেৱ ৰঙ্গ মঞ্চত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ শিক্ষা শাখা সমিতিৰ সভানেত্ৰী মৌচুমী কাকতিৰ পৌৰোহিত্বত অনুস্থিত মুকলি সভা উদ্বোধন কৰি মুখ্য উপদেষ্টা ডেকাই পুনৰ কয়, অনানুষ্ঠানিক শিক্ষাৰ পৰিষৰ জীৱনযোৰা কিন্তু আনুষ্ঠানিক শিক্ষাৰ পৰিষৰ ঠেক। মগজুৰ বিকাশৰ লগে লগে মনৰ বিকাশ হলেহে আমি আগুৱাই যাব পাৰিম আৰু নৈতিক তথা আধ্যাত্মিক জ্ঞানৰ বিকাশ হলেহে মনুস্তত্বৰ বিকাশ সম্ভৱপৰ। আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি তথা হাজো সুৰেন দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড: হিৰণ্য কুমাৰ শৰ্মাই আদৰণি জনোৱা সভাত সন্মানীয় অতিথিৰ আসন অলংকৃত কৰি ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ভাষন প্ৰসংগত কয়, মোৰ জীৱনৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু গৰাকী হৈছে জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ। কিয়নো জগতগুৰু গৰাকীয়ে অসমীয়া ভাষা-সংস্কৃতি তথা জাতিটোক একতাৰ , এনাজৰীৰে বান্ধি ৰখাৰ ক্ষেত্ৰত যি অৱদান আগবঢ়াই থৈ গৈছে, সেইয়া আজিও বিৰাজমান। শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ মাত্ৰ এটি অনুষ্ঠানে নহয়,ই আৰ্থ-সামাজিক ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা এটি সংগঠন। সেয়ে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ শিক্ষক দিৱস উদযাপন কৰাৰ নিশ্চয় প্ৰাসংগিকতা আছে। শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ তথা সভাৰ মুখ্য অতিথি কমলাকান্ত গগৈ আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ মূৰব্বী অধ্যাপক ড:জগত চন্দ্ৰ কলিতাই নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰি শিক্ষক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে জগতগুৰু শংকৰদেৱৰ গুণানুকীৰ্তন কৰে। শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা, সংঘৰ উপ-পদাধিকাৰ বসুন্ধৰ ডেকা, সংঘৰ যুতীয়া সম্পাদক ডাঃ দুৰ্লভ পাঠক, হাজোৰ বিধায়িকা সুমন হৰি প্ৰিয়া, আছুৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, সংঘৰ সাহিত্য শাখাৰ সভাপতি মৃনাল কুমাৰ বৰুৱা, এমন্ট্ৰনৰ উপ-প্ৰৱন্ধক দিনমণি ভাণ্ডাৰ কায়স্থ, সংঘৰ সংস্কৃতি শাখাৰ সভাপতি ড: সুৰেশ চন্দ্ৰ বৰা, হাজো জিলাৰ সভাপতি শৰৎ চন্দ্ৰ মালাকাৰ, প্ৰাক্তন মুখ্য বন সংৰক্ষক মোহন চন্দ্ৰ মালাকাৰকে ধৰি সংঘৰ কেইবা গৰাকীও বিষয়- ববীয়া তথা তিনি শতাধিক বাব-বান্ধৱৰ উপস্থিতিত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ শিক্ষা শাখা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় শিক্ষক দিৱস উপলক্ষে প্ৰকাশিত ” জ্ঞানামৃত”— শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকাই। স্মৃতিগ্ৰন্থ উন্মোচন কৰি উপাচাৰ্য ডঃ ডেকাই সম্প্ৰতি অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই গুৰুদায়িত্ব বহন কৰিব লাগে বুলি মন্তব্য আগবঢ়াই। এই সভাতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ এঘাৰ গৰাকীকৈ কৃতী শিক্ষকক ফুলাম গামোচা, জাপি, মানপত্ৰ, পিতলৰ শৰাই আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। ইপিনে পুৱাৰ ভাগত জিলা সেৱা বাহিনীৰ দ্বাৰা পৰিবেশ নিকাকৰন, প্ৰাত:প্ৰসংগ সমাপন,গছপুলি ৰোপণৰ পিছত মুখ্যদ্বাৰ মুকলি কৰে হাজো আছুৰ সভাপতি নৱজ্যোতি দাস আৰু পতাকা উত্তোলন কৰে সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে। এই অনুষ্ঠানৰ আত ধৰে হীৰেন কুমাৰ দাস আৰু অজন্তা মালাকাৰে।