তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ প্ৰথমখন বৈদ্যুতিক ৰে’লৱে শুক্ৰবাৰে ৰাতিপুৱা মুকলি কৰা হয়।

pc Business Standard

অনলাইন বাৰ্ত্তাসেৱা – চীনে শুকুৰবাৰে তিব্বতৰ দূৰৱৰ্তী হিমালয় অঞ্চলত ইয়াৰ প্ৰথম সম্পূৰ্ণ বৈদ্যুতিকৰণ বুলেট ৰেলখন কাৰ্যকৰীকৰণ কৰে, যাৰ দ্বাৰা প্ৰাদেশিক ৰাজধানী লাছা আৰু নিংচিক সংযোগ কৰা হৈছে, যি হৈছে অৰুণাচল প্ৰদেশত ওচৰৰ অৱস্থিত তিব্বৰ সীমান্ত চহৰ। ‘চিচুয়ান-তিব্বত ৰে’লৱে’ৰ ৪৩৫.৫ কিলোমিটাৰ দূৰত্বৰ লাছা-নিয়িংচিৰ এই শাখাটো ১ জুলাইত চীনৰ শাসনাধিষ্ঠ কমিউনিষ্ট পাৰ্টিৰ (চিপিচি) শতবাৰ্ষিকী উদযাপনৰ পূৰ্বে উদ্বোধন কৰা হয়।