ভাৰতে আফগানিস্তানক উপহাৰ দিয়া আক্ৰমণকাৰী হেলিকপ্টাৰ তালিবানে জব্দ কৰে

pc Zoom News

তালিবানে জব্দ কৰে ভাৰতে আফগানিস্তানক উপহাৰ দিয়া আক্ৰমণকাৰী হেলিকপ্টাৰ

অনলাইন বাৰ্ত্তাসেৱা – ২০১৯ চনত ভাৰতে আফগানিস্তানক উপহাৰ দিয়া চাৰিখন আক্ৰমণকাৰী হেলিকপ্টাৰৰ এখন তালিবানে জব্দ কৰে। ইণ্টাৰনেচনেল ইনষ্টিটিউট ফৰ ষ্ট্ৰেটেজিক ষ্টাডিজৰ গৱেষণা সহযোগী জোচেফ ডেম্পচিয়ে টুইটাৰত পোষ্ট কৰা এটা ভিডিঅ’ আৰু ছবিত তালিবানী উগ্ৰপন্থীসকলক আক্ৰমণকাৰী হেলিকপ্টাৰখনৰ কাষত থিয় হৈ থকা দেখা গৈছে। হেলিকপ্টাৰবোৰ আফগানিস্তান আৰু বেলাৰুছৰ মাজত হোৱা চুক্তিৰ অধীনত প্ৰদান  কৰা হৈছিল, কিন্তু বিত্তীয় যোগান ধৰিছিল ভাৰতে।

(UD.)