তাজ ভিভাণ্টাত প্ৰাকৃতিক, জৈৱিক আৰু জি আই কৃষিজাত সামগ্ৰীৰ ৰপ্তানি বিষয়ক সন্মিলন

Pc Facebook

তাজ ভিভাণ্টাত প্ৰাকৃতিক, জৈৱিক আৰু জি আই কৃষিজাত সামগ্ৰীৰ ৰপ্তানি বিষয়ক সন্মিলন

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ পৰা প্ৰাকৃতিক, জৈৱিক আৰু জি আই কৃষিজাত উৎপাদিত সামগ্ৰী ৰপ্তানিৰ সম্ভাৱনীয়তা বিষয়ক এখন সন্মিলন গুৱাহাটীৰ তাজ ভিভাণ্টাত অনুষ্ঠিত হয়। সন্মিলনৰ শুভাৰম্ভ কৰে কৃষি মন্ত্ৰী অতুল বৰাই। উদ্বোধনী অনুষ্ঠানত তেওঁ কয় যে ভাৰতৰ প্ৰাকৃতিক, জৈৱিক আৰু জি আই কৃষিজাত সামগ্ৰীৰ ৰপ্তানিৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা পদক্ষেপে ভাৰতক বহুদূৰ আগুৱাই লৈ গৈছে। আনহাতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ কৃষি উৎপাদিত সামগ্ৰীক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়া তথা ৰপ্তানিৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিছে সিয়ে ৰাজ্যখনৰ কৃষিখণ্ডত এক নতুন দিগন্তৰ সূচনা কৰিছে। বৰ্তমান অসমে কাজি নেমু, অর্থডক্স চাহ, লিচুকে আদি কৰি ৮ বিধ কৃষিজাত সামগ্ৰীৰ জি আই টেগ লাভ কৰাটো অসমৰ বাবে উল্লেখনীয় কথা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহে কৃষকসকলৰ আস্থা ঘূৰাই অনাৰ লগতে ৰাজ্যজুৰি কৃষি বিপ্লৱৰো সূচনা হৈছে।

আনহাতে অনাগত দিনত কৃষিখণ্ডৰ উন্নয়ন অধিক দ্রুততৰ কৰাৰ উদ্দেশ্যে এগ্রিকালছাৰেল এণ্ড প্রচেছড্ ফুড প্রডাক্ট এক্সপৰ্ট ডেভলপমেণ্ট অর্থ বিটী (APEDA) ৰ পৰামৰ্শ অনুসৰি কৃষি বিষয়াসকলৰ দক্ষতা বিকাশৰ বাবে প্ৰশিক্ষণ লাভ কৰিবলৈ বাহিৰলৈ পঠিওৱাৰ বাবে তেওঁ চিন্তা কৰিব বুলি প্ৰকাশ কৰে। তদুপৰি, কৃষিজাত সামগ্ৰীৰ ক্রেতা-বিক্রেতা সম্মিলন, এগ্র-হটি এগ্‌জিবিছন আদি আয়োজনৰ জৰিয়তেও গোটেই ব্যৱস্থাটো কৃষকসকলৰ বাবে অধিক সুচল কৰি তোলা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

অনুষ্ঠানত APEDA অধ্যক্ষ ড° এম অংগমুথুৱে প্ৰাকৃতিক, জৈৱিক আৰু জি আই কৃষিজাত সামগ্রী উৎপাদনৰ ক্ষেত্ৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰি APEDA ৰ ফালৰ পৰা উৎপাদন তথা ৰপ্তানি বৃদ্ধিৰ বাবে কৃষকসকলক সকলো ধৰণৰ পৰামৰ্শ আৰু সুবিধা প্ৰদানৰো আস্বাস দিয়ে।

উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব আশীষ ভূটানী, APEDA ৰ জেনেৰেল মেনেজাৰ, অধ্যক্ষকে ধৰি অন্যান্য বিষয়ববীয়া,কৃষি বিভাগৰ বিষয়াসকল উপস্থিত থাকে৷ অনুষ্ঠানৰ আৰম্ভণিতে কৃষি সামগ্ৰীৰ এক প্ৰদৰ্শনী মুকলি কৰে কৃষি মন্ত্ৰী অতুল বৰাই।