‘ঢৌবোৰ গজি উঠিছে শস্যৰ দৰে’ কাব্যগ্ৰন্থ উন্মোচন

‘ঢৌবোৰ গজি উঠিছে শস্যৰ দৰে’ কাব্যগ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  কবি তথা অসম চৰকাৰৰ যুটীয়া সচিব বিমল ডেকাৰ তৃতীয়খন কাব্যগ্ৰন্থ ‘ঢৌবোৰ গজি উঠিছে শস্যৰ দৰে’ গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়৷অসম চৰকাৰৰ শিক্ষা উপদেষ্টা,অধ্যাপক ড° ননী গোপাল মহন্তই গ্ৰন্থখন উন্মোচন কৰি কয় যে বিমল ডেকাৰ কবিতাত মানুহৰ জীৱনৰ ৰূপ স্পষ্ট ৰূপত ফুটি উঠিছে৷তেওঁৰ কবিতাত একাকীত্বৰ প্ৰভাৱ আছে যদিও সেই একাকীত্ব বাস্তৱবিমুখ নহয়৷নিসংগতাৰ মাজতো কবিয়ে বিচাৰি পায় জীৱনৰ অম্লান উংস৷সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট নিবন্ধকাৰ ময়ূৰ বৰাই কবি বিমল ডেকাই প্ৰশাসনিক ব্যস্ততাৰ মাজতো কাব্য সাধনা অটুত ৰাখি উত্তৰ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ সৃষ্টি কৰিছে বুলি মত পোষণ কৰে৷সভাত লেখক,প্ৰাক্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰ,বিশিষ্ট কবি সমীৰ তাঁতীয়ে ভাষণ দিয়ে৷বিজয় শংকৰ শৰ্মাই আঁত ধৰা সভাত কবি বিমল ডেকাই আদৰণি ভাষণ দিয়ে৷সমাজকৰ্মী প্ৰমোদ শৰ্মাই পৌৰোহিত্য কৰা সভাত প্ৰকাশক জাৰ্ণাল এম্প’ৰিয়ামৰ স্বত্বাধিকাৰ সুৰেন্দ্ৰ চন্দ্ৰ বৈশ্য,ৰাইটাৰ্চ ফ’ৰামৰ কবি পুৰন্দৰ পাটগিৰিয়ে বক্তব্য প্ৰদান কৰে৷অনিন্দিতা ডেকাই উন্মোচিত গ্ৰন্থৰ পৰা এটি কবিতা আবৃত্তি কৰি উপস্হিত সকলক আপ্লুত কৰে৷উল্লেখ্য,সভাত অসম চৰকাৰৰ কেইবাগৰাকী জ্যেষ্ঠ প্ৰশাসনিক বিষয়াই অংশগ্ৰহণ কৰে৷