ডিব্ৰুগড়ত নাগৰিক মঞ্চৰ উদ্যোগত জয়মতী স্মৃতি দিৱস উদযাপন

ডিব্ৰুগড়ত নাগৰিক মঞ্চৰ উদ্যোগত জয়মতী স্মৃতি দিৱস উদযাপন

এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত ডিব্ৰুগড় নাগৰিক মঞ্চই ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত ৩৪৪ সংখ্যক জয়মতী স্মৃতি দিৱস দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে। কাৰ্য্যসূচী মতে পুৱা জয়মতী উদ্যানত সভানেত্ৰী ড০ ভৰতী দত্ত আৰু কাৰ্যকৰী সভাপতি বুধেশ্বৰ বৰুৱাই প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্জ্বলেনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মাল্যাৰ্পণ,স্মৃতি তৰ্পণ আদি কাৰ্যসূচীত অংশ গ্ৰহণ কৰে সম্পাদক দুৰ্লভ গগৈ, ড০ কমলেশ্বৰ দত্ত,মদন কোঁৱৰ, দিগন্ত ফুকন ,প্ৰাঞ্জল গগৈ আদি বিভিন্ন ব্যক্তিয়ে। ১০-৩০ বজাত অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে মঞ্চৰ সভাপতি ড০ভাৰতী দত্তই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি ডা০ চৈকত পাত্ৰ আৰু টাই সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি হেমকান্ত দিহিঙীয়া। সভাৰ আৰম্ভণীতে উপস্থিত সকলোকে আদৰণী জনায় মঞ্চৰ সহকাৰী সম্পাদক দিগন্ত ফুকনে। সভাৰ উদ্দেশ্য ব্যাখ্যাত সম্পাদক দুৰ্লভ গগৈয়ে মহীয়সী জয়মতীক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত কৰিব পৰাকৈ তেখেতৰ নামত ৰাষ্ট্ৰীয় পৰ্যায়ত এটি বঁটা প্ৰৱৰ্তন কৰিবলৈ আৰু দেশৰ “সংসদ ভৱন”ত জয়মতীৰ এখনি ফটো ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাব দিয়াৰ পৰামৰ্শ আগবঢ়ায়। সভাৰ পৰবৰ্তী আলোচনাত সভানেত্ৰীয়ে প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগবঢ়ায় আৰু উপস্থিত সকলোৰে মতামত বিচৰাত সকলোৱে সমৰ্থন জনায়। মহীয়সী জয়মতীৰ ত্যাগৰ প্ৰসংগত ডা০ চৈকত পাত্ৰ আৰু দিহিঙীয়াদেৱে চমু অথচ সাৰুৱা বক্তব্য আগবঢ়ায়। সভাত গন্ধেশ্বৰ চমুৱাৰ কথা আৰু সুৰ সংযোজিত এটি টাই ভাষাৰ সমৱেত সংগীত পৰিৱেশন কৰে টাই সাংস্কৃতিক কেন্দ্ৰৰ কণমানিহঁতে। জয়মতী প্ৰসঙ্গত আন এটি সমৱেত সংগীত পৰিবেশন কৰে টুলুমণি বৰুৱা আৰু সংগীবৃন্দই। সমজুৱাৰ ফালৰ পৰা ৰেণু ফুকন, সুৰজিতা সন্দিকৈ, ৰাজলক্ষ্মী গোস্বামী, নিহাৰিকা চৌধুৰী প্ৰমুখ্যে আমন্ত্ৰিত ব্যক্তিসকলে জয়মতীৰ আত্মত্যাগক সুঁৱৰি শ্ৰদ্ধা নিবেদন কৰে। ড০ প্ৰাতসলতা বুঢ়াগোহাঁই, ড০ ৰঞ্জু ভট্টাচাৰ্য, ড০ চুলতানা হাজৰিকা, ৰূপালী চেতিয়া আৰু ডাক্তৰ মালাৰাণী দেৱীদত্ত আদিয়ে একোটিকৈ কবিতা পাঠ কৰি দেশপ্ৰাণ জয়মতীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। ড০ ভাৰতী দত্তই ১৭ শতিকাতে সত্যাগ্ৰহৰ আদৰ্শ দেখুৱাই থৈ যোৱা মহীয়সী জয়মতীৰ স্বামী গদাধৰ সিংহই দেশৰ উন্নয়নৰ হকে কৰা কামৰ জৰিয়তেই হয়তো মহীয়সী পত্নীক সুঁৱৰি শ্ৰদ্ধা নিবেদন কৰি গল। পুত্ৰ ৰুদ্ৰ সিংহই মাতৃৰ স্মৃতিত জয়সাগৰ পুখৰী আৰু জয়দৌল নিৰ্মাণ কৰি আদৰ্শ দেখুৱালে। শলাগৰ শৰাই আগবঢ়ায় দিগন্ত ফুকনে। জাতীয় সংগীত পৰিবেশনেৰে সভাৰ সামৰণি মৰা হয়। সন্ধিয়ালৈ তাই সাংস্কৃিক কেন্দ্ৰত এক বাৰেৰহনীয়া সাংস্কৃিক কাৰ্য্যসূচী গ্ৰহণ কৰা হয়। আজিৰ সভাৰ এক অন্যতম আকৰ্ষণ আছিল তৰবৰী মুখ্য চৰিত্ৰ উপস্থাপনেৰে এক দৃশ্যাংশৰ নাট্যৰূপ। ইয়াত অংশ গ্ৰহণ কৰে জোনালী খাউণ্ড, দৃষ্টি বৰুৱা,আৰু বিনু দাসে।