ডিব্ৰুগড় জিলা প্ৰশাসনে যিকোনো অপ্ৰীতিকৰ ঘটনা পৰিহাৰ কৰিবলৈ গঠন কৰিছে চক্ৰ পৰ্যায়ৰ টাস্ক ফ’ৰ্চৰ

Pc Northeast Now

ডিব্ৰুগড় জিলা প্ৰশাসনে যিকোনো অপ্ৰীতিকৰ ঘটনা পৰিহাৰ কৰিবলৈ গঠন কৰিছে চক্ৰ পৰ্যায়ৰ টাস্ক ফ’ৰ্চৰ:: জিলাখনত শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জিলা প্ৰশাসনৰ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাত যিকোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা পৰিহাৰ কৰিবৰ বাবে লগতে জিলাখনত শান্তি-সম্প্ৰতি বৰ্তাই ৰাখিবলৈ চক্ৰ পৰ্যায়ত একোটাকৈ টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে। চক্ৰ পৰ্যায়ৰ টাস্ক ফ’ৰ্চে ভাৰতীয় নগৰিক সুৰক্ষা সংহিতা, ২০২৩ আৰু ভাৰতীয় ন্যায় সংহিতা, ২০২৩-ৰ উপযুক্ত বিধান অনুসৰি পদক্ষেপ গ্ৰহণ কৰিব। আইন শৃংখলা জনিত বা আন কোনো সমস্যাৰ সন্মুখীন হ’লে স্থানীয় আৰক্ষী অথবা চক্ৰ পৰ্যায়ৰ টাস্ক ফোৰ্চক অৱগত কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে।আনহাতে, সমাজত সকলোৰে মাজত পাৰস্পৰিক বিশ্বাস আৰু ভাতৃত্ববোধ বৰ্তাই ৰাখিবলৈ জিলাখনৰ বিভিন্ন স্থানত আৰক্ষী তথা প্ৰশাসনৰ উদ্যোগত “ৰোড মাৰ্চ” কৰাৰ লগতে শান্তিপূৰ্ণ পৰিৱেশ বৰ্তাই ৰখা সন্দৰ্ভত সভাৰ আয়োজন কৰা হৈছে।