ডিব্ৰুগড় জিলাৰ মৰাণত আটাছুৰ সাংবাদমেল::চাহ বৰ্ডক চৰম সীমা

ডিব্ৰুগড় জিলাৰ মৰাণত আটাছুৰ সাংবাদমেল::চাহ বৰ্ডক চৰম সীমা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় জিলাৰ মৰাণৰ মন্দাকিনী হোটেলত সদৌ তাই আহোম ছাত্র সন্থা (আটাছু) আৰু সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ মাজত এক আলোচনা অনুষ্ঠিত হয় । সদৌ তাই আহোম ছাত্র সন্থা (আটাছু)য়ে নিম্নলিখিত দাবী কেইটাৰ ওপৰত যোৱা ২০/০৫/২০২৪ তাৰিখে ভাৰতীয় চাহ বৰ্ডক সাত (৭) দিনৰ সময়সীমা বান্ধি এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ কথা কয়। কিন্তু সাত দিন উকলি যোৱাৰ পাছতো ভাৰতীয় চাহ বৰ্ডে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । গতিকে সদৌ তাই আহোম ছাত্র সন্থাৰ সমিতি থকা অসমৰ প্ৰত্যেকখন জিলাতেই আটাছুৰ জিলা সমিতিৰ যোগেদি ভাৰতীয় চাহ বৰ্ডক পুনৰ “চৰম পত্ৰ” প্ৰদান কৰিছে । বিষয়টোৰ ওপৰত আটাছুয়ে গ্ৰহণ কৰা ধাৰাবাহিক কাৰ্যসূচী অনুসৰি ২ জুনত অনুষ্ঠিত কৰা মৰাণৰ আলোচনা চক্ৰত ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ এই বিষয়টোৰ সন্দৰ্ভত মতামত গ্ৰহণ কৰা হয় । দুয়োপক্ষৰ আলোচনাৰ অন্তত বটলিফ ফেক্টৰী সমূহৰ সমস্যা আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ সমস্যা সমূহ অনতিপলমে সমাধান কৰি ভাৰতীয় চাহ বৰ্ডে বটলিফ ফেক্টৰী সমূহ খোলাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় । যিবোৰ ৰাসায়নিক দ্ৰব্য কেঁচা চাহপাতত ব্যৱহাৰ কৰিলে চাহৰ গুণাগুণ পৰীক্ষা বাতিল হয় সেইবোৰ বহু চাহ খেতিয়কে ব্যৱহাৰ কৰাৰ পৰা বিৰত আছে আৰু ভৱিষ্যতে প্ৰতিজন চাহ খেতিয়কে ইয়াৰ ব্যৱহাৰ বন্ধ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ পদক্ষেপ লোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে । সমগ্ৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰি এটা বিষয় স্পষ্ট হৈছে যে ভাৰতীয় চাহ বৰ্ড, কৃষি বিভাগ আৰু খাদ্য বিভাগৰ গাফিলতি আৰু হেমাহীৰ বাবেই বটলিফ ফেক্টৰী আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সকলে সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে । মুঠৰ ওপৰত ভাৰতীয় চাহ বৰ্ডে বৃহৎ বৃহৎ চাহ উদ্যোগী সকলৰ লগত মিতিৰালি কৰি সিহঁতৰ সুবিধাৰ্থে কাম কৰাৰ মানসিকতা লোৱাৰ বাবেই আজি ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ ফেক্টৰী সমূহ বিপদত পৰিব লগীয়া হৈছে । বৃহৎ চাহ বাগিচা ব্যৱসায়ী সকলৰ লগত ভাৰতীয় চাহ বৰ্ডৰ গোপন মিতিৰালিৰ জ্বলন্ত উদাহৰণ হৈছে “মুকলবাৰী কানৈ চাহ বাগিচা প্ৰাইভেট লিমিটেড”ৰ সঞ্চালক অজয় জালানক নিজ বাগিচাৰ চাহপাত গুণাগুণ পৰীক্ষাত প্ৰত্যাখান হোৱাৰ পাছতো চাহ গুণাগুণ আৰু নিলাম সন্দৰ্ভত বৰ্ডে গঠন কৰা তিনিমহীয়া নিৰীক্ষণ সমিতিত সদস্য হিচাপে অন্তৰ্ভূক্ত কৰাটো । গতিকে এই সমস্যাৰ স্থায়ী সমাধান কৰাৰ দাবীত আটাছুয়ে প্ৰদান কৰা “চৰম পত্ৰ” ভাৰতীয় চাহ বৰ্ডে গ্ৰহণ কৰাৰ লগে লগে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে অহা সপ্তাহৰ পৰা ধাৰাবাহিক ভাৱে অসম জুৰি বৰ্ডৰ আঞ্চলিক কাৰ্যলয় সমূহৰ আগত ধৰ্ণা প্ৰদৰ্শন কৰাৰ লগতে ঘেৰাও কৰা হব বুলিও সংবাদমেলত কয়। সমান্তৰাল ভাৱে বন্ধ হৈ থকা ৰাসায়নিক দ্ৰব্য সমূহ অসমৰ বজাৰত বিক্ৰী কৰাতো বিভাগীয় কৰ্তৃপক্ষই বন্ধ নকৰিলে আটাছুয়ে নিজাববীয়াকৈ বজাৰত গৈ বন্ধ কৰাৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব । আটাছুয়ে প্ৰদান কৰা “চৰম পত্ৰ”ৰ দাবীসমূহ :
১) ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ কোনো অসুবিধা নোহোৱাকৈ ক্ষুদ্ৰ চাহ কাৰখানাসমূহৰ স্বত্বাধিকাৰী সকলে অহা ০১/০৬/২০২৪ পৰা কাৰখানা বন্ধ কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেইয়া বাতিল কৰাৰ ব্যৱস্থা কৰক ।
২) এই সমস্যাবোৰৰ আলম লৈ কেঁচা চাহপাতৰ মূল্য যাতে হ্ৰাস কৰিব নোৱাৰে তাৰ প্ৰতিও এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক ।
৩) ভাৰতীয় চাহ নিগম আৰু এফ এছ এছ আইৰ নিয়ম অনুসৰি কেঁচা চাহপাতৰ গুণাগুণ পৰীক্ষা বাধ্যতামূলক কৰা হৈছে । কিন্তু সেই গুণাগুণ পৰীক্ষাৰ বাবে যি পৰীক্ষা কেন্দ্ৰৰ প্ৰয়োজন সেই কেন্দ্ৰ প্ৰতিজন চাহ খেতিয়কৰ সুবিধাৰ্থে প্ৰতিটো কোণত স্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক । যিহেতু এই গুণাগুণ পৰীক্ষা কেন্দ্ৰ বৰ্তমান কেৱল কলকাতাতহে অৱস্থিত গতিকে অসমৰ প্ৰতিটো কোণত এই গুণাগুণ পৰীক্ষা কেন্দ্ৰ স্থাপন নকৰা পৰ্যন্ত পূৰ্বৰ স্থিতি বাহাল থাকক ।
৪) এফ এছ এছ আইয়ে কেঁচা চাহপাতৰ গুণাগুণ পৰীক্ষা কৰোঁতে খাদ্যৰ অনুপযোগী ৰাসায়নিক দ্ৰব্য মিহলি থকাৰ বাবে চাহৰ নমুনা প্ৰত্যাখান কৰে । কিন্তু যিবোৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰাৰ বাবে চাহৰ নমুনা প্ৰত্যাখান কৰা হয় সেইবোৰ আজিলৈকে এফ এছ এছ আইয়ে নিষিদ্ধ কৰা নাই কিয় ? উৎপাদন ভাল হবলৈ আৰু পোক-পৰুৱাৰ পৰা পৰিত্ৰাণ পাবলৈ চাহ খেতিয়কসকলে সেইসমূহ ৰাসায়নিক দ্ৰব্য অসম তথা ভাৰতবৰ্ষৰ প্ৰতিখন বজাৰত সহজেই উপলব্ধ হোৱা বাবে ক্ৰয় কৰি ব্যৱহাৰ কৰিবলগীয়া হোৱাটো স্বাভাৱিক । গতিকে অনতিপলমে যিবোৰ ৰাসায়নিক দ্ৰব্য কেঁচা চাহপাতত ব্যৱহাৰৰ বাবে অনুপযোগী সেইবোৰ নিষিদ্ধ কৰক । সমান্তৰালভাৱে নিষিদ্ধ ৰাসায়নিক দ্ৰব্য বিক্ৰী কৰা ব্যৱসায়ীসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক ।
৫) ভাৰতীয় চাহ নিগম আৰু এফ এছ এছ আইয়ে প্ৰতিজন চাহ খেতিয়কৰ ব্যৱসায়িক জ্ঞান বিকাশৰ বাবে চাহপাত উৎপাদন আৰু ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ সন্দৰ্ভত প্ৰতিখন ঠাইতে সঘনে সজাগতা সভা পতাৰ ব্যৱস্থা কৰক ।
৬) ভাৰতীয় চাহ সংস্থা (INDIAN TEA ASSOCIATION) অন্তৰ্গত বৃহৎ চাহ কোম্পানী সমূহে ক্ষুদ্ৰ চাহ কাৰখানা সমূহৰ পৰা চাহপাত ক্ৰয় কৰি প্ৰস্তুত কৰা “অৰ্থডক্স” চাহপাতৰো গুণাগুণ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰক ।
৭) ভাৰতৰ বৃহৎ বৃহৎ চাহ উদ্যোগকাৰী সকলে বিভিন্ন আলম লৈ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ ভৱিষ্যত ধ্বংস কৰাৰ যি ৰণকৌশল প্ৰস্তুত কৰিছে তাৰ এক উচ্চ পয্যায়ৰ তাৎক্ষণিকভাৱে তদন্ত কৰাৰ ব্যৱস্থা কৰক ।
৮) ভাৰতীয় চাহ নিগমে চাহ গুণাগুণ পৰীক্ষাৰ লগতে নিলাম সন্দৰ্ভত তত্বাৱধানৰ বাবে গঠন কৰা তিনিমহীয়া সমিতিখনত “মুকলবাৰী কানৈ চাহ বাগিচা প্ৰাইভেট লিমিটেড”ৰ সঞ্চালক শ্ৰীযুত অজয় জালানক অন্তৰ্ভূক্ত কৰিছে যিটো কোম্পানীৰ চাহপাতৰ গুণাগুণ পৰীক্ষাৰ নমুনা আগতেই প্ৰত্যাখান হৈছিল । গতিকে তেনে এজন ব্যক্তিক এই সমিতিখনত অন্তৰ্ভুক্ত কৰা বিষয়টোয়ে চাহ নিগমৰ নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে । গতিকে অনতিপলমে অজয় জালানক এই সমিতিখনৰ পৰা বাহিৰ কৰাৰ লগতে প্ৰত্যাখান কৰা চাহৰ বাবে তেওঁৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰি ভাৰতীয় চাহ নিগমে নিজৰ স্থিতি স্পষ্ট কৰক বুলি সদৌ তাই আহোম ছাত্র সন্থা (আটাছু) আৰু সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তৰফৰ পৰা জানিব দিয়ে।