ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰা গুৱাহাটীলৈ চুমি, তাৰ্কিক আৰু বিশাল

ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰা গুৱাহাটীলৈ চুমি, তাৰ্কিক আৰু বিশাল

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য কপোঁৱা ট্ৰেডিং কেলেংকাৰীক লৈ তদন্ত আগবঢ়াইছে চি বি আই দলে। শুকুৰবাৰে পুৱাৰ ভাগতে  ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰা গুৱাহাটীলৈ অনা হৈছে চুমি বৰা, বিশাল ফুকন আৰু তাৰ্কিক বৰাক।চি বি আইৰ এটা ৭জনীয়া দলে ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰা উলিয়াই স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত তিনিওকে গুৱাহাটীলৈ লৈ আহিছে। এতিয়াৰে পৰা গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত থাকিব লাগিব চুমি,বিশাল আৰু তাৰ্কিক।  এখন ট্ৰেভেলাৰেৰে তিনিওকে গুৱাহাটীলৈ আনি থকা হৈছে। ৩০ অক্টোবৰত গুৱাহাটীৰ চি বি আইৰ বিশেষ আদালতত হাজিৰ হ’ব লাগিব বিশাল ফুকন, চুমি বৰা, তাৰ্কিক বৰা, অম্লান বৰা, ৰনজিৎ কাকতি, অভিজিৎ ছন্দ, শোভন জ্যোতি কুৰ্মী আৰু চন্দন নাথ।উল্লেখ কৰা প্ৰয়োজন যে,শেহতীয়াকৈ ট্ৰেডিং কেলেংকাৰীৰ তদন্তৰ ভাৰ চি বি আয়ে হাতত লোৱাৰ পাছত সকলো তথ্য পৰীক্ষা নিৰীক্ষা কৰি নতুনকৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ১১ হাজাৰ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীক লৈ চি বি আয়ে আৰম্ভ কৰিছে ৪১টা গোচৰৰ তদন্ত। ইয়াৰ ভিতৰত আছে দীপাংকৰ বৰ্মন, বিশাল ফুকন, চুমি বৰা, তাৰ্কিক বৰা, ৰঞ্জীত কাকতি, মহম্মদ ছাকিৰ আৰু ৰাজদ্বীপ দেৱৰ দৰে ধুৰন্ধৰ। CBIৰ তদন্তত নাম সাঙোৰ খাব পাৰে বিশাল ফুকনক বিনিয়োগ কৰিবলৈ কোটি কোটি টকা দিয়া অসমৰ লগতে চুবুৰীয়া ৰাজ্যৰ বহু কোটিপতি লোকৰ নাম।